মুখৰ উজ্জ্বলতা বঢ়াবলৈ পাণৰ কি আছে কাৰ্যকৰী গুণ ? How does betel leaf help in enhancing the glow of your face?

0
349

পাণ– এবিধ মুখৰোচক বনজ উদ্ভিদ৷ আমাৰ অসমীয়া সমাজত পাণ-তামোলৰ আদৰ সুকীয়া৷ বিভিন্ন মাংগলিক অনুষ্ঠান, বিবাহ, পূজা-পাতল, অতিথি আদৰা আদি কামত পাণৰ সমাদৰ আছে৷ এইবোৰ কৰ্মত পাণে এক সুকীয়া আসন দখল কৰিছে৷ সামাজিকতাৰ মান-মৰ্যাদা ধৰি ৰখা পাণ সন্মানৰ প্ৰতীক৷ ইয়াৰ উপৰি কিছুমানৰ দুপৰীয়া বা ৰাতি ভাত খাই উঠি তামোলৰ সৈতে পাণ-চূণ এচালি নাখালে খোৱাটোৱেই অসম্পূৰ্ণ হয়৷ মুঠৰ ওপৰত, পাণৰ ব্যৱহাৰ অসমীয়া সমাজত ব্যপ্ত৷ কিন্তু এই পাণৰ আৰু কি কি গুণ আছে, আপুনি জানেনে?

পাণৰ গুণাগুণৰ বিষয়ে নিশ্চয় জানিবলগীয়া আছে৷

(১) পাণ খোৱাৰ ফলত মুখত যি লালতিৰ সৃষ্টি হয়, সেই লালতিয়ে হজম শক্তি বৃদ্ধি কৰে৷


(২) মুখৰ উজ্জ্বলতা বঢ়াবলৈ পাণ পানীৰ সৈতে মিশ্ৰণ কৰি সেই পানী মুখমণ্ডলত সানক৷


(৩) পাণ নাৰিকল তেলৰ সৈতে চুলিত লগালে চুলি সৰা বন্ধ হয়৷ ইয়াৰ বাবে নাৰিকল তেলৰ সৈতে পাণৰ এটা মিশ্ৰণ প্ৰস্তুত কৰক৷ এই মিশ্ৰণটো আধা ঘণ্টা চুলিত লগাই পাছত ছেম্পু কৰিব৷


(8) পাণত এণ্টিবেক্টেৰিয়েল উপাদান পোৱা যায়, যিয়ে মুখত ওলোৱা ব্ৰুণৰ সমস্যা লাঘৱ কৰে৷


(৫) আয়ুৰ্বেদ শাস্ত্ৰ মতে পাণৰ ৰস উলিয়াই সেই ৰস বাথৰূমৰ পানীত মিলাই গা ধুলে গাৰ দুৰ্গন্ধ নাইকিয়া হয়৷


(৬) মুখৰ সোৱাদ নোহোৱা হ’লে পাণ খালে মুখৰ সোৱাদ পুনৰ উভতি আহে৷


(৭) ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা, হৃদযন্ত্ৰৰ ক্ৰিয়া সক্ৰিয় কৰাত পাণে সহায় কৰে৷


(৮) গলৰ বিভিন্ন সমস্যাৰ বাবে পাণে কাৰ্যকৰী হিচাপে কাম কৰে৷ মাত পৰিষ্কাৰ কৰি ৰাখিবলৈ পাণ খালে উপকাৰ পোৱা যায়৷


(৯) মুখত ঘা হ’লে পাণৰ সৈতে অকণমান কপূৰ্ৰ খালে সুফল পোৱা যায়৷ মনত ৰাখিব পাণৰ পিক যাতে পেটৰ ভিতৰলৈ নাযায়৷


(১০) চৰ্দি, কাহ আদি হ’লে পাণৰ সৈতে মৌ মিহলাই খালে উপকাৰ পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here