দেশৰ কোনখন চহৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটনস্থলী ?

0
270

সাধাৰণতে গ্ৰীষ্মকালত গৰমৰ প্ৰকোপত ৰ’ব নোৱাৰি এই সময়ছোৱাৰ ঠাণ্ডা ঠাইলৈ বহুতো লোকে গুচি যায় বা ভ্ৰমণ কৰে৷ সেয়ে এই কালছোৱাত বিভিন্ন লোকে নিজৰ পচন্দৰ ঠাইটুকুৰালৈ ঢাপলি মেলে৷ এক সমীক্ষাত প্ৰকাশ পাইছে যে এইদৰে ভ্ৰমণ কৰা চহৰসমূহ অন্যতম হিচাপে বিবেচিত হৈছে গোৱা৷ 
দেশত চলিত বৰ্ষত ভ্ৰমণকাৰীসকলৰ মাজত আটাইতকৈ জনপ্ৰিয় পৰ্যটনস্থলী হিচাপে গোৱাই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ গোৱাৰ পাছতেই দ্বিতীয় স্থান লাভ কৰিছে কুৰ্গ৷ 
এই তথ্য পোহৰলৈ আহিছে ফিনটেক নাৰ প্ৰতিষ্ঠানৰ ক্ৰেডৰ এক সমীক্ষাত৷ এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় পৰ্যটনস্থলীৰ ক্ষেত্ৰত মালদ্বীপে শীৰ্ষস্থান অধিকাৰ কৰিছে৷ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ইউৰোপৰ বিভিন্ন দেশ আৰু ডুবাই৷ 
আনহাতে গ্ৰীষ্মৰ এই সময়ছোৱাত যথেষ্টসংখ্যক দেশীয় পৰ্যটকে তুলনামূলকভাৱে কম উষ্ণতাৰ বিভিন্ন চহৰ ভ্ৰমণৰ বাবেও আগ্ৰহ প্ৰকাশ কৰে৷ সমীক্ষাটোত কোৱা হৈছে যে এই চহৰসমূহৰ ভিতৰত গুৱাহাটী, ভীমতাল, শ্ৰীনগৰ আদিও আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here