বতৰৰ ফল কঁঠালৰ আছে বহু উপকাৰিতা

0
322

কঁঠাল এবিধ বহুগুটীয়া ফল৷ ইংৰাজীত ইয়াক Jack Fruit বুলি কোৱা হয়৷ অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰতে এজোপা কঁঠাল গছ থাকেই৷ এইবিধ ফলৰ কুমলীয়া বা কেঁচা অৱস্থাত তৰকাৰী হিচাপে খোৱা হয়, যি অতি সোৱাদযুক্ত৷ এই অৱস্থাক কঁঠাল মুচি বুলি কোৱা হয়৷ পকা কঁঠালৰ মলমলীয়া গোন্ধ আৰু সোৱাদ অনন্য৷ কঁঠালত নানা ধৰণৰ আৱশ্যকীয় ৰাসায়নিক উপাদান তথা বিভিন্ন পোষক তত্ত্ব পোৱা যায়, যি আমাৰ শৰীৰৰ বাবে আৱশ্যক৷ কঁঠালত আমাৰ শৰীৰত প্ৰয়োজনীয় এণ্টিঅক্সিডেণ্ট আৰু খনিজ লৱণৰ লগতে আঁহ যথেষ্ট পৰিমাণে থাকে৷ জানো আহক কঁঠালৰ গুণাগুণসমূহ৷
কঁঠালত কৰ্কট প্ৰতিৰোধী উপাদান পোৱা যায়৷ কঁঠালত ফাইটোনিউট্ৰিয়েণ্টছ আৰু এণ্টিঅক্সিডেণ্ট ফ্লেভনয়ড থাকে, যিয়ে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক ফ্ৰী ৰেডিকেলবোৰ নিষ্ক্ৰিয় কৰি শৰীৰক ক’লন পৰিষ্কাৰ, হাঁওফাঁওৰ পৰিষ্কাৰ, মুখগহবৰ পৰিষ্কাৰ কৰি ৰাখে৷
কঁঠালত থকা পটেচিয়ামে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হূদৰোগৰ সম্ভাৱনা নোহোৱা কৰে৷
কঁঠালত যথেষ্ট কাৰ্বহাইড্ৰেট আৰু কেলৰি থাকে, যিয়ে ফ্লুক্টজ আৰু চুক্ৰজৰ বাবে দেহে তাৎক্ষণিকভাৱে শক্তি লাভ কৰে৷
কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-কে, ভিটামিন-ই, নিয়াচিন, ফলেট, পেন্থ’থেনিক এচিড, মেগনেচিয়াম, কপাৰ আদি থাকে৷ এইবোৰে তেজত ৰক্তকণিকা গঠনত সহায় কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷
পটেচিয়াম  আৰু মেগনেচিয়ামেৰে কঁঠাল সমৃদ্ধ বাবে হাড়ৰ ঘনত্ব বঢ়াই হাড় মজবুত আৰু শক্তিশালী কৰি ৰাখে৷
কঁঠালত ভিটামিন-এ থাকে বাবে দৃষ্টিশক্তি উন্নত কৰাৰ লগতে কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷
কঁঠালৰ গুটিত যথেষ্ট পৰিমাণে প্ৰ’টিন পোৱা যায়৷ সেয়ে কঁঠালৰ গুটি তৃপ্তিদায়কৰ লগতে পুষ্টিকাৰক খাদ্য৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here