সাফল্য : টিউমাৰ ৰোগীৰ বক্ষবেৰ পুনৰ নিৰ্মাণ

0
254

চেন্নাই এপ’ল’ হাস্পতালৰ চিকিৎসকসকলে ৫০ বছৰ বয়সীয়া এগৰাকী বাংলাদেশৰ টিউমাৰ আক্ৰান্ত ৰোগীৰ অস্থি চিমেণ্ট [Bone Cement] আৰু মেচ [Mesh]ৰ দ্বাৰা বক্ষবেৰ পুনৰ নিৰ্মাণ কৰিবলৈ সক্ষম হয়৷ ৰোগীজন চেন্নাই এপ’ল’ হাস্পতাললৈ আহিছিল এটা টিউমাৰৰ সৈতে৷ 
চিকিৎসকে কোৱা মতে, এই বক্ষবেৰত গঢ় লৈ উঠা টিউমাৰটো ২০২০ চনৰ নৱেম্বৰ মাহত ধৰা পৰিছিল৷ বাংলাদেশত চিকিৎসকে ২০২০ চনৰ ডিচেম্বৰ মাহত বাওঁফালৰ প্ৰথম আৰু দ্বিতীয় ৰিবৰ সৈতে টিউমাৰটো উঠাই দিছিল৷ পৰীক্ষা-নিৰীক্ষাত এই টিউমাৰটো কেন্‌ছাৰ চেল থকা Chondrosarcoma বুলিহে ধৰা পৰিছিল৷ এপ’ল’ হাস্পতাল চেন্নাইলৈ অহাৰ আগতে তেওঁ কেম’থেৰাপীও আৰম্ভ কৰে৷
 কিন্তু ই বেছি সুফল দিব নোৱাৰিলে বুলি চিকিৎসকে কয়৷ লাহে লাহে ৰোগীয়ে উশাহ-নিশাহত কষ্ট পাবলৈ ধৰিলে৷ শেষত ২৫ ফেব্ৰুৱাৰীত এটা বিশেষজ্ঞ চিকিৎসকৰ দলে ১৪ ঘণ্টা জোৰা অস্ত্ৰোপচাৰৰ দ্বাৰা Rib আৰু Collar Boneৰ সৈতে টিউমাৰটো উঠাই দিয়ে৷ ৰক্তবাহী নলীকাসমূহ সংৰক্ষণ কৰি ৰখা হয়৷ 
ছাৰ্জনসকলে পিছত পিছফালৰ পৰা লোৱা মাংসপেশী, কলা আৰু অন্যান্য সামগ্ৰীৰ সহায়ত বক্ষবেৰ পুনঃগঠন কৰে৷ Sternum (এডাল হাড়] পুনৰ নিৰ্মাণ কৰে অস্থি চিমেণ্ট [Bone Cement] আৰু মেচ [Mesh]ৰ দ্বাৰা৷ অপাৰেশ্যনৰ পাছত ৰোগীগৰাকী অতি সোনকালে সুস্থ হ’বলৈ সক্ষম হয় আৰু কেন্‌ছাৰ চেল থকা টিউমাৰটো সম্পূৰ্ণৰূপে উঠাই দিয়া বুলি পৰীক্ষাৰ দ্বাৰা চিহ্নিত হোৱাৰ লগতে ৰোগীগৰাকীক বৰ্তমান ৰেডিয়েশ্যন থেৰাপী দি থকা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here