দেশত কি ৰোগৰ বাবে ৪২ শতাংশ লোকৰ মৃত্যু হয়

0
728

২০২০ চনত ভাৰতত মেডিকেলি চাৰ্টিফাইড্‌ মুঠ ১৮ লাখ ১১ হাজাৰ ৬৮৮জন লোকৰ মৃত্যু হয় আৰু তাৰ ভিতৰত আটাইতকৈ বেছি অৰ্থাৎ ৪২ শতাংশৰো অধিক লোকৰ মৃত্যুৰ কাৰণ আছিল হৃদৰোগ, নিউমোনিয়া আৰু এজমা৷ 
অৱশ্যে ২০২০ চনত দেশখনত পঞ্জীয়নভুক্ত মৃতকৰ সংখ্যা আছিল ৮১ লাখ ১৫ হাজাৰ ৮৮২৷ ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তই প্ৰস্তুত কৰা ‘ৰিপ’ৰ্ট অন মেডিকেল চাৰ্টিফিকেশ্যন অব্‌ কজেছ অব্‌ ডেথ্‌ ২০২০’ মতে, সেই বছৰ দেশখনত হোৱা ক’ভিড-১৯ মহামাৰীত মৃত্যু হয় প্ৰায় ৮ শতাংশ অৰ্থাৎ ১ লাখ ৬০ হাজাৰ ৬১৮জন লোকৰ৷ 
মৃত্যুৰ অন্যান্য কাৰণবোৰৰ ভিতৰত উল্লেখযোগ্য আছিল কিছুমান সংক্ৰামক আৰু পেৰাছাইটিক ৰোগ, এণ্ডক্ৰাইন, নিউট্ৰিশ্যনেল আৰু মেটাবলিক ৰোগ৷ সেইবোৰৰ ভিতৰত বহুমূত্ৰ প্ৰধান৷ আঘাত, বিষক্ৰিয়া, কৰ্কট ৰোগতো বহু লোকৰ মৃত্যু হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here