আলুৰে কিদৰে পকা চুলি ক’লা কৰিব?

0
665

আজিকালি বিভিন্ন কাৰণত সৰুকালৰে পৰা চুলি পকিবলৈ ধৰে৷ বহুতেই চুলি পকিবলৈ নোহোৱা বয়সতে চুলি পকাৰ ফলত লাজ বা দুঃচিন্তাত দিন পাৰ কৰে৷ এনে অকালপক্বতাৰ  পৰা সকাহ পাবলৈ তথা লাজ ঢাকিবলৈ সহজে বজাৰত পোৱা বিভিন্ন কৃত্ৰিম ৰং লগায়৷ এইদৰে বজাৰত পোৱা ৰঙে কেইদিনামানৰ বাবেহে চুুলিখিনি ক’লা কৰি ৰাখে যদি পাছত পুনৰ চুলিখিনি আগৰদৰেই বগা হৈ পৰে৷ অৰ্থাৎ ইয়াৰ স্থায়িত্ব এটা নিৰ্দিষ্ট সময়লৈহে থাকে৷ আনহাতে এই ৰং ব্যৱহাৰ কৰাৰ ফলত চুলিৰ স্বাস্থ্যৰ ক্ষতি হয়৷ ক’লা কৰাৰ পৰিৱৰ্তে এইধৰণৰ কৃত্ৰিম ৰঙে চুলি আৰু বেছিকৈ পকাতহে অৰিহণা যোগায়৷ সেয়েহে চুলিখিনিৰ কোনোধৰণৰ ক্ষতি নোহোৱাকৈ কিদৰে প্ৰাকৃতিক উপাদানেৰে চুলিখিনি ক’লা কৰি ৰাখিব জানো আহক৷
সহজে হাততে পোৱা আলুৰ সহায়ক চুলিৰ অকালপক্বতা দূৰ কৰিব পাৰি৷ আলুৰ দ্বাৰা চুলি ক’লা কৰিবলৈ হ’লে কিদৰে প্ৰস্তুত কৰিব৷ এটা পাত্ৰত আলু লৈ তাৰ পাছত তাত পানী মিহলাই আলুখিনি সিজাই লওক৷ ভালদৰে আলু সিজাৰ পাছত ঠাণ্ডা হ’বলে দিব৷ তাপ পাছত সিজা আলুটো আঙুলিৰে ভালদৰে ফেনেকি লৈ এটা পাত্ৰত সংৰক্ষণ কৰি ৰাখক৷ গা ধোৱাৰ সময়ত এই সিজোৱা আলুৰ পেষ্টখিনিৰ ভালদৰে চুলি লগাই মাচাজ কৰক৷ ইয়াৰ পাছত ২০ মিনিটমান চুলিখিনি এনেদৰে ৰাখি পাছত পৰিষ্কাৰ পানীৰে চুলিখিনি ধুই দিয়ক৷ এইদৰে সপ্তাহত ২-৩ বাৰ কৰিলে দেখিব আপোনাৰ পকা চুলি ক্ৰমে ক’লা হ’বলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here