নিমহান্‌ছৰ সমপৰ্যায়ৰ হ’ব তেজপুৰৰ মেণ্টেল হাস্পতাল

0
266

বেংগালুৰুস্থিত নেশ্যনেল ইন্‌ষ্টিটিউট অব্‌ মেণ্টেল হেল্‌থ এণ্ড নিউৰ’ ছায়েন্স, চমুকৈ ‘নিমহান্‌ছ’ৰ সমপৰ্যায়লৈ উন্নীত কৰা হ’ব অসমৰ একমাত্ৰ আঞ্চলিক মানসিক চিকিৎসা প্ৰতিষ্ঠানখন৷ ছুপাৰ স্পেচিয়েলিটি হাস্পতাল নিৰ্মাণেৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নীতকৰণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ৷
তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক ভাৰতৰ দ্বিতীয়খন স্বাস্থ্য প্ৰতিষ্ঠানলৈ উন্নীতকৰণৰ বাবেও প্ৰস্তাৱ লোৱা হৈছে৷ তেজপুৰৰ গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ কাম-কাজৰ বুজ লৈ এইদৰে কয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ 
উল্লেখ্য যে ১৮৭৬ চনত তেজপুৰত প্ৰতিষ্ঠা লাভ কৰা এই মানসিক চিকিৎসালয়খনত বিগত সময়ছোৱাত চৰকাৰী বিভিন্ন আঁচনিৰ জৰিয়তে লাভ কৰা পুঁজিৰ অধীনত বিভিন্ন আন্তঃগাঁথনি কাম অব্যাহত ৰখাৰ সমান্তৰালভাৱে অত্যাধুনিক সা-সঁজুলিৰে কেৱল অসমৰে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বিহাৰ, পশ্চিম বংগ আদি আন আন ৰাজ্যৰ মানসিক ৰোগীকো চিকিৎসা সেৱা আগবঢ়াই আহিছে৷ 
আনহাতে লোকপ্ৰিয় গোপীনাধ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক ‘ইনষ্টিটিউট অব্‌ নেশ্যনেল ইম্পৰ্টেন্স’ হিচাপে উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে৷ ইয়াৰ লগে লগে প্ৰতিষ্ঠানখনৰ বিষয়ববীয়া-কৰ্মচাৰীসকল আ!াদিত হৈ পৰাৰ সমান্তৰালভাৱে অনাগত দিনত এই ঐতিহ্যমণ্ডিত স্বাস্থ্য প্ৰতিষ্ঠানখনৰ জৰিয়তে অসংখ্য ৰোগীক উন্নত মানৰ চিকিৎসা প্ৰদানৰ পথ প্ৰশস্ত কৰাৰ আশা কঢ়িয়াই আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here