দেখা গ’ল বিৰল প্ৰজাতিৰ কৰ্চন চৰাই : ক’ত?

0
989


শীতকালি বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ বিভিন্ন চৰাই তথা পক্ষীৰ আগমন ঘটে৷ ৰাজ্যৰ জাতিংগাৰ লগতে বিভিন্ন উদ্যান, জলাশয়, নদী আদি পৰিভ্ৰমী চৰাইৰে ভৰি পৰা পৰিলক্ষিত হয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ এইদৰে ঋতুকালীন চৰাইৰ আগমনৰ সময়তে শোণিতপুৰ জিলাৰ তেজপুৰৰ সমীপৱৰ্তী আৰিমৰা চাপৰিত শেহতীয়াভাৱে দেখা গ’ল বিৰল প্ৰজাতিৰ কৰ্চন চৰাই৷ চৰাইবিধ প্ৰত্যক্ষ কৰি গাঁওবাস তথা প্ৰকৃতিপ্ৰেমী উৎফুল্লিত হৈ পৰে৷ জানিব পৰা মতে আৰিমৰা চাপৰিত যিখিনি ঠাইত এই বিৰল প্ৰজাতিৰ চৰাইবিধ প্ৰত্যক্ষ কৰা হৈছে তাত এইবাৰ স্থানীয় ৰাইজে প্ৰচুৰ পৰিমাণে সৰিয়হৰ খেতি কৰিছে৷ এই সৰিয়হ খেতিৰ মাজতে ইয়াৰ কৃষকে চৰাইবিধ প্ৰত্যক্ষ কৰে৷ হঠাতে এই এবিধ আচহুৱা চৰাই দেখি তেওঁ লগে লগে স্থানীয় কেইজনমান প্ৰকৃতিপ্ৰেমীক খবৰ দিয়ে৷ তেওঁলোকে চৰাইবিধ নিৰীক্ষণ কৰি কৰ্চন চৰাই বুলি নিশ্চিত কৰে৷ ইংৰাজীত ইয়াক Common Crane নামে জনা যায়৷ ইয়াৰ পাছতে তিনিওগৰাকী প্ৰকৃতিপ্ৰেমীয়ে চৰাইখিনিৰ সুৰক্ষাৰ বাবে স্থানীয় ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে ৰাইজকো এই বিৰল প্ৰজাতিৰ চৰাইখিনিক সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here