ৰঙা গ্ৰহত ভালুকৰ হাঁহি থকা মুখ!নাছাই পঠালে ছবি

0
194


মহাকাশ বিজ্ঞানত নিত্য-নতুন প্ৰযুুক্তিগত উন্নয়ন হৈ আহিছে৷ যাৰ ফলত মহাকাশ সম্বন্ধে প্ৰতিদিনে নতুন নতুন তথ্য বিজ্ঞানীয়ে লাভ কৰিছে৷ ইয়াৰ ভিতৰত মঙল গ্ৰহক লৈ নিৰন্তৰ গৱেষণা চলিয়েই আছে৷ ৰঙা গ্ৰহৰ অধিক তথ্যৰ সন্ধানৰ বাবে নাছাৰ ৰিকনেছেন্স অৰবিটাৰ যানে গ্ৰহটো ওচৰেৰে প্ৰদক্ষিণ কৰি আছে৷ যানখনে মঙল গ্ৰহৰ ছবি পৃথিৱীলৈ অহৰহ পঠাই আছে৷ যানখনৰ এই সকলোবোৰ কাৰ্য নিৰীক্ষণ কৰিছে এৰিজোনা বিশ্ববিদ্যালয়ে৷ ৰিকনেছেন্স অৰবিটাৰে শেহতীয়াভাৱে মঙৰ যিসমূহ ছবি পৃথিৱীলৈ পঠিয়াইছে, তাৰ ভিতৰৰ এখন ছবিয়ে হতবাক কৰি তুলিছে৷ ছবিখনত স্পষ্টকৈ দেখা গৈছে ৰঙা গ্ৰহৰ মাটিত হুবহু অখন ভালুকৰ ছবি৷ দুটা চকুৰ সৈতে এখন সুস্পষ্ট ভালুকৰ নাক-মুখ, যেন ভালুকটোৱে হাঁহিহে আছে৷ সাধাৰণতে ভালুকৰ চকু দুটি যিমান দূৰত্বত থাকে, চকুযুৰি সেই একে দূৰত্বতে ছবিখনতো দেখা গৈছে৷ মঙল গ্ৰহ পোৱা নাক-মুখ সহিতে এখন স্পষ্ট ভালুকৰ ছবিয়েই বিজ্ঞানীসকলকো ভবাই তুলিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here