Home Daily news দেখা গ’ল বিৰল প্ৰজাতিৰ কৰ্চন চৰাই : ক’ত?

দেখা গ’ল বিৰল প্ৰজাতিৰ কৰ্চন চৰাই : ক’ত?


শীতকালি বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ বিভিন্ন চৰাই তথা পক্ষীৰ আগমন ঘটে৷ ৰাজ্যৰ জাতিংগাৰ লগতে বিভিন্ন উদ্যান, জলাশয়, নদী আদি পৰিভ্ৰমী চৰাইৰে ভৰি পৰা পৰিলক্ষিত হয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ এইদৰে ঋতুকালীন চৰাইৰ আগমনৰ সময়তে শোণিতপুৰ জিলাৰ তেজপুৰৰ সমীপৱৰ্তী আৰিমৰা চাপৰিত শেহতীয়াভাৱে দেখা গ’ল বিৰল প্ৰজাতিৰ কৰ্চন চৰাই৷ চৰাইবিধ প্ৰত্যক্ষ কৰি গাঁওবাস তথা প্ৰকৃতিপ্ৰেমী উৎফুল্লিত হৈ পৰে৷ জানিব পৰা মতে আৰিমৰা চাপৰিত যিখিনি ঠাইত এই বিৰল প্ৰজাতিৰ চৰাইবিধ প্ৰত্যক্ষ কৰা হৈছে তাত এইবাৰ স্থানীয় ৰাইজে প্ৰচুৰ পৰিমাণে সৰিয়হৰ খেতি কৰিছে৷ এই সৰিয়হ খেতিৰ মাজতে ইয়াৰ কৃষকে চৰাইবিধ প্ৰত্যক্ষ কৰে৷ হঠাতে এই এবিধ আচহুৱা চৰাই দেখি তেওঁ লগে লগে স্থানীয় কেইজনমান প্ৰকৃতিপ্ৰেমীক খবৰ দিয়ে৷ তেওঁলোকে চৰাইবিধ নিৰীক্ষণ কৰি কৰ্চন চৰাই বুলি নিশ্চিত কৰে৷ ইংৰাজীত ইয়াক Common Crane নামে জনা যায়৷ ইয়াৰ পাছতে তিনিওগৰাকী প্ৰকৃতিপ্ৰেমীয়ে চৰাইখিনিৰ সুৰক্ষাৰ বাবে স্থানীয় ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে ৰাইজকো এই বিৰল প্ৰজাতিৰ চৰাইখিনিক সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনায়৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...