ৰাতি শোৱাৰ সময়ত ঘামে নেকি? তেন্তে সাৱধান হওক

0
469

সাধাৰণতে গৰমকালি শোৱাৰ সময়ত উৎকট গৰমৰ বাবে দেহটো ঘামেৰে তিতি থাকে৷  এইটো এটা সাধাৰণ কথা৷ শোৱাৰ পৰিৱেশ, খাদ্য, শোৱাৰ সময়ত পিন্ধা কাপোৰ আদিয়েও ইয়াত মুখ্য ভূমিকা গ্ৰহণ কৰে৷ কিন্তু কেতিয়াবা এনেকুৱাও হোৱা দেখা যায় যে শোৱাৰ সময়ত ঘামেৰে গোটেই গাটো জুৰুলি-জুপুৰি হৈ পৰে৷ ইয়াৰ আদ্ৰৰ্ পৰিৱেশ তথা অন্য কথা নাথাকে৷ এইদৰে শোৱাৰ সময়ত ঘামিলে ইয়াৰ নিশ্চয় অন্য কিবা কাৰকে ক্ৰিয়া কৰে৷ সেয়েহে ৰাতি শোৱাৰ সময়ত কি কাৰণত ঘামিব পাৰে সেইটো জনাটো অত্যন্ত জৰুৰী আৰু ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থাৰ হতে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন৷
মহিলাসকলৰ ক্ষেত্ৰত যদি ৰাতি শোৱাৰ সময়ত অত্যধিক ঘামি যায়, তেতিয়া এইটো মেনোপজৰ লক্ষণ হ’ব পাৰে৷ হৰমনৰ পৰিৱৰ্তনৰ কাৰণে বয়স্ক মহিলাসকলক বেছিকৈ গা ঘামিব পাৰে৷ মহিলাসকলৰ বয়স যদি ৪৫-৫০ বছৰ হয়, অতিৰিক্ত ঘমাৰ কাৰণ এইটোও হ’ব পাৰে৷
যিসকল লোকে অধিক পৰিমাণৰ ঔষধ সেৱন কৰে, সেইসকলৰ ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত শোৱাৰ সময়ত ঘামিব পাৰে৷
আনহাতে যিসকল লোকৰ শৰীৰত ব্লাড ছুগাৰ খুব কম থাকে, তেতিয়াও সেইসকলৰ ৰাতি শোৱাৰ সময়ত গা ঘামিব পাৰে৷ সাধাৰণতে এই সমস্যাটো ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত বেছি দেখা যায়৷ 
ৰাতি শোৱাৰ সময়ত ঘামিলে সংক্ৰমণ বা সংক্ৰমণৰ লক্ষণ হ’ব পাৰে৷ যিসকল লোকৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কম, তেনে লোকৰ ক্ষেত্ৰত ৰাতি শোৱাৰ সময়ত ঘমা দেখা যায়৷
ৰাতি মদ্যপান কৰিলে গা অত্যধিক ঘামিব পাৰে৷ এলকহল শৰীৰৰ ভিতৰলৈ যাওঁতে বতাহৰ ছিদ্ৰবোৰ চেপি ধৰে৷ এই অৱস্থাত শৰীৰৰ পৰা বায়ু বাহিৰ হোৱাৰ কাৰণে বেছি শক্তিৰ প্ৰয়োজন হয়, যাৰ ফলত ঘাম আকাৰে শৰীৰ পৰা বাহিৰ হয়৷
ৰাতি শোৱাৰ সময়ত ঘামিলে কেঞ্চাৰ ৰোগৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে৷ এইটো সাধাৰণতে ব্লাড কেঞ্চাৰৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়৷
মানসিক উদ্বেগ-উদ্বিগ্নতা ৰাতি শোৱাৰ সময়ত ঘমাটোও এটা কাৰণ হ’ব পাৰে৷ যেতিয়া কিবা ঘটনা বা বিষয়ক লৈ চিন্তা কৰি থকা হয়, তেতিয়া মনটো স্থিৰ হৈ নাথাকে৷ এই সময়ত হৃদস্পন্দন বাঢ়ি শৰীৰৰ পৰা ঘাম বাহিৰ হ’ব পাৰে৷
সেয়েহে উপৰিউক্ত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মন প্ৰফুল্লিত ৰাখক, নিয়মমতে বিছনালৈ যাওক, মদ্যপান পৰিত্যাগ কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here