দুই সাংবাদিকলৈ শান্তিৰ নোবেল (Nobel Peace Prize to two journalists)

0
962
ফিলিপাইনৰ সাংবাদিক মাৰিয়া ৰেছা আৰু ৰাছিয়াৰ সাংবাদিক ডিমিট্ৰি মুৰাটভলৈ ২০২১ চনৰ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে৷ নৰৱেৰ নোবেল সমিতিয়ে এই ঘোষণা কৰে৷ সমিতিয়ে কয় যে মত প্ৰকাশৰ স্বাধীনতাৰ বাবে তেওঁলোকৰ যুঁজৰ স্বীকৃতি স্বৰূপে দুয়োলৈকে শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে৷ সমিতিয়ে দৃঢ়তাৰে কয় যে শান্তিৰ উত্তৰণৰ বাবে মত প্ৰকাশৰ স্বাধীনতা গুৰুত্বপূৰ্ণ৷ সমিতিৰ সভাপতি বেৰিট ৰেইছ এণ্ডাৰছনে কয় যে মুক্ত, স্বাধীন আৰু তথ্যভিত্তিক সাংবাদিকতাই ক্ষমতাৰ অপব্যৱহাৰ, মিথ্যাচাৰ আৰু মিছা প্ৰচাৰৰ বিৰুদ্ধে সুৰক্ষা দিয়ে৷ মত প্ৰকাশৰ স্বাধীনতা আৰু সংবাদ-পত্ৰৰ স্বাধীনতা অবিহনে ৰাষ্ট্ৰসমূহৰ মাজত ভাতৃত্ববোধ, নিৰস্ত্ৰীকৰণ আৰু এক উন্নত বিশ্ব শৃংখলাৰ সফল উত্তৰণ জটিল হ’ব৷ সাংবাদিক ৰেছাই ২০১২ চনত ‘ৰেপ্লাৰ’ নামৰ এটা নিউজ ৱেবছাইট স্থাপন কৰিছিল৷ এই ৱেবছাইটটোৱে ৰাষ্ট্ৰপতি ৰড্ৰিগ’ ডুটাৰ্টেৰ প্ৰশাসনৰ ড্ৰাগ্‌ছ-বিৰোধী বিতৰ্কিত, প্ৰাণনাশক অভিযানক সমালোচনা কৰি বাতৰি পৰিৱেশন কৰি আহিছে৷ নোবেল বঁটা পোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰেছাই নৰৱেৰ টিভি২ চেনেলক কয় যে মই হতভম্ব হৈছোঁ৷ এইটো সঁচাই আৱেগিক৷ কিন্তু মই মোৰ টীমটোৰ হৈ আনন্দিত আৰু আমাৰ যুঁজক স্বীকৃতি দিয়াৰ বাবে নোবেল সমিতিক ধন্যবাদ জনাইছোঁ৷ আনহাতে সাংবাদিক মুৰাটভ ৰাছিয়াৰ স্বাধীন সংবাদ-পত্ৰ ‘নোভায়া গেজেটা’ৰ অন্যতম প্ৰতিষ্ঠাপক৷ ১৯৯৩ চনত কাকতখন প্ৰতিষ্ঠা কৰা হৈছিল৷ নোবেল সমিতিয়ে কয় যে নোভায়া গেজেটা বৰ্তমান ৰাছিয়াৰ অতি স্বাধীন বাতৰিকাকত৷ ক্ষমতাৰ প্ৰতি কাকতখনৰ সমালোচনাত্মক দৃষ্টিভংগী আৰম্ভণিৰে পৰাই আছে৷ বাতৰিকাকতখনৰ তথ্যভিত্তিক সাংবাদিকতা আৰু বৃত্তিগত সততাই কাকতখনক আন প্ৰচাৰ মাধ্যমে উল্লেখ নকৰা ৰাছিয়াৰ সমাজৰ নিন্দনীয় দিশবোৰৰ ক্ষেত্ৰত তথ্যৰ এক গুৰুত্বপূৰ্ণ উৎস কৰি তুলিছে৷ নোবেল সমিতিয়ে কয় যে ‘নোভায়া গেজেটা’ প্ৰকাশ হোৱাৰ পৰা এইেপেৰ্যন্ত কাকতখনৰ ছজন সাংবাদিকক হত্যা কৰা হৈছে৷ ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰি পেস্কভে মুৰাটভক এজন ‘প্ৰতিভাশালী আৰু সাহসী’ ব্যক্তি বুলি অভিহিত কৰে৷ নোবেল বঁটাত আছে এটা সোণৰ পদক আৰু ১.১৪ মিলিয়নৰো অধিক ডলাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here