সুখবৰ! ৰাজ্যত এন-৯৫ মাস্ক নিৰ্মাণকাৰী প্ৰতিষ্ঠান মুকলি (N-95 making unit opened in state )

0
594
উত্তৰ গুৱাহাটীত এন-৯৫ মাস্ক নিৰ্মাণকাৰী প্ৰতিষ্ঠান এটা মুকলি কৰা হয়৷ ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত লোহিত নামৰ উদ্যোগটোৱে এন-৯৫ আৰু ছাৰ্জিকেল মাস্ক প্ৰস্তুত কৰা উদ্যোগটো মুকলি কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ তেওঁ কয় যে কৰ’না মহামাৰীৰে যুঁজিবলৈ অসম আত্মনিৰ্ভৰশীল হ’ল৷ তেওঁ লগতে ৰাজ্যৰ বাবে প্ৰয়োজনীয় কৰ’না সম্পৰ্কীয় সামগ্ৰী স্থানীয় উদ্যোগৰ পৰা ক্ৰয় কৰা হ’ব বুলিও উল্লেখ কৰে৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা উদ্যোগীসকলক উৎসাহিত কৰাৰ লগতে সহায়ৰ হাত আগবঢ়োৱাৰ কথা সদৰী কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ফিটা কাটি উদ্যোগটো মুকলি কৰে৷  উক্ত অনুষ্ঠানত জিলাৰ আৰক্ষী অধীক্ষককে ধৰি বহুতো গণ্যমান্য লোক উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here