ভ্ৰাম্যমাণ থিয়েটাৰক লৈ চৰকাৰৰ নতুন এছ অ’ পি (Government’s new SOP on mobile theatres)

0
651


কভিডৰ বাবে ৰাজ্যৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰখনেও যথেষ্ট প্ৰতিকূল পৰিস্থিতিৰে মুখামুখি হ’বলগীয়া হৈছিল যদিও পৰিস্থিতি বহুখিনি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ভ্ৰাম্যমাণ থিয়েটাৰক চৰ্তসাপেক্ষ প্ৰদৰ্শনত অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে৷ ৮ অক্টোবৰত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰদৰ্শন সন্দৰ্ভত এখন SOP জাৰি কৰিছে দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই থিয়েটাৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত জাৰি কৰা SOP সম্পৰ্কত কয় যে কণ্টেইনমেণ্ট জ’ন নথকা বা শেহতীয়াকৈ যথেষ্টসংখ্যক লোকৰ কভিড সংক্ৰমণ পৰিলক্ষিত নোহোৱা এলেকাতহে ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শনৰ অনুমতি দিব পাৰিব৷ থিয়েটাৰ আমন্ত্ৰণ কৰা স্থানীয় আয়োজক সমিতিৰ সকলো বিষয়ববীয়া, সদস্যই দুয়োপালি কভিড প্ৰতিষেধক গ্ৰহণ কৰাটো উপায়ুক্ত, মহকুমাধিপতিয়ে সুনিশ্চিত কৰিব৷ আয়োজক সমিতিয়ে কভিড বিধি আৰু ভ্ৰাম্যমাণৰ SOP-ৰ নিয়মসমূহ সম্পূৰ্ণভাৱে পালন কৰিব বুলি লিখিত নিশ্চয়তা প্ৰদান কৰি জিলা, মহকুমা প্ৰশাসনৰ পৰা লিখিত অনুমতি ল’ব লাগিব৷ আয়োজক সমিতিৰ সকলো বিষয়ববীয়া, সদস্য আৰু স্বেচ্ছাসেৱকে দুয়োপালি কভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক৷ থিয়েটাৰ চাবলৈ মাস্ক অবিহনেই অহা দৰ্শকক আয়োজকৰ ফালৰ পৰাই মাস্কৰ ব্যৱস্থা কৰি দিহে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিবলৈ দিব পাৰিব৷ প্ৰত্যেক প্ৰৱেশদ্বাৰতে হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব৷ আয়োজকে টিকটত সহজেই চকুত পৰাকৈ ডাঙৰ আখৰেৰে ‘সকলোৱে কভিড বিধি মানি চলক’ আৰু ‘সকলোৱে কভিড প্ৰতিষেধক গ্ৰহণ কৰক’ বুলি ছপা কৰিব লাগিব৷ আয়োজক সমিতিয়ে প্ৰতি নিশা সান্ধ্য আইন আৰম্ভ হোৱাৰ পূৰ্বেই দৰ্শকসকল নিজ ঘৰলৈ ঘূৰি যাব পৰাকৈ সান্ধ্য আইনৰ পূৰ্বেই নাট প্ৰদৰ্শন বন্ধ কৰিব লাগিব৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক, শিল্পী, কলা-কুশলী, কৰ্মচাৰীকে ধৰি প্ৰতিগৰাকী সদস্যই দুয়ো পালি প্ৰতিষেধক লোৱাটো বাধ্যতামূলক৷ প্ৰেক্ষাগৃহত দৰ্শকসকলৰ মাজত সামাজিক দূৰত্ব ৰক্ষা হোৱাকৈ নিৰ্দিষ্ট দূৰত্বত আসনৰ ব্যৱস্থা কৰিব লাগিব৷ প্ৰতি দুসপ্তাহৰ মূৰত থিয়েটাৰৰ প্ৰতিগৰাকী সদস্যৰ কভিড পৰীক্ষা কৰাটো বাধ্যতামূলক৷ প্ৰেক্ষাগৃহত নাট প্ৰদৰ্শনৰ পূৰ্বে, মাজত আৰু শেষত দৰ্শক-ৰাইজৰ বাবে কভিড প্ৰতিষেধক গ্ৰহণ আৰু কভিড বিধি সঠিকভাৱে পালনৰ বাবে আহ্বান জনাই ঘোষণা আদি আগবঢ়াব লাগিব৷ প্ৰতিনিশাই সান্ধ্য আইনৰ পূৰ্বেই সেই নিশাৰ নাট প্ৰদৰ্শন সামৰিব লাগিব৷ নিৰ্ধাৰিত SOP আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ কভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনাৰ উলংঘন হ’লে স্বত্বাধিকাৰীসহ থিয়েটাৰ গোষ্ঠী আৰু আয়োজকৰ বিৰুদ্ধে আইনগত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here