দুই চিকিৎসকলৈ ভাৰতীয় মানসিক স্বাস্থ্য সংস্থাৰ বঁটা || Indian Mental Health Organisation awards two doctors

0
791
ভাৰতীয় মানসিক স্বাস্থ্য সংস্থা পূৰ্বাঞ্চল শাখাৰ দ্বাৰা ডিব্ৰুগড়ৰ দুগৰাকী বিশিষ্ট মনোৰোগ বিশেষজ্ঞ চিকিৎসকক সন্মানীয় বঁটা প্ৰদান কৰি তেওঁলোকৰ কৰ্মক স্বীকৃতি দিয়াত অসম চিকিৎসা মহাবিদ্যালয়ত আনন্দৰ লহৰ উঠিছে৷ ভাৰতীয় মানসিক স্বাস্থ্য সংস্থা পূৰ্বাঞ্চল শাখাই প্ৰতিবছৰে মানসিক স্বাস্থ্য আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন গৱেষণা আৰু কৰ্মৰ বাবে প্ৰদান কৰি আহিছে সন্মানীয় ড॰ আৰ বি দেবিশ অৰেশ্যন সন্মান৷ ২০২০ বৰ্ষৰ বাবে ‘প্ৰম’টিং মেণ্টেল হেল্‌থ অব্‌ স্কুল মেণ্টেল হেল্‌থ প্ৰগ্ৰেমিং ইণ্ডিয়া’ শীৰ্ষক গৱেষণা বিষয়ৰ বাবে মনোৰোগ বিশেষজ্ঞ চিকিৎসক তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাক এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে৷ আনহাতে সমাজৰ বাবে গৱেষণা প্ৰশিক্ষণ আৰু মনোৰোগ বিষয়ক শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱাৰ বাবে একেখন মহাবিদ্যালয়ৰ জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ সুমিত্ৰ ঘোষক ‘ক্ৰিয়েটিভিটি এণ্ড ছাইক্ৰিয়াটিক বিষয়ৰ বাবে ড॰ এল পি বাৰ্মাকো ২০২১ বৰ্ষৰ বাবে এই সন্মানেৰে সন্মানিত কৰা হৈছে৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ দুয়োগৰাকী মনোৰোগ বিশেষজ্ঞ চিকিৎসকৰ এনে সাফল্যই মহাবিদ্যালয়খনৰ লগতে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সন্তোষ প্ৰকাশ কৰাৰ লগতে দুয়োগৰাকীলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here