দুখীয়া দেশসমূহে পৰ্যাপ্ত ভেক্‌চিন নোপোৱাৰ অভিযোগ WHO-ৰ || Poor countries not getting adequate vaccine supplies: WHO

0
765
ক’ভিড মহামাৰীয়ে পুনৰ ঠন ধৰি উঠিছে৷ যোৱা কেইদিনত কৰ’নাৰ সংক্ৰমণ পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে৷ বিশেষকৈ ইউৰোপত ক’ভিডৰ প্ৰাদুৰ্ভাৱ পুনৰ বৃদ্ধিক লৈ বিশ্বমহল চিন্তিত হৈ পৰিছে৷ ইফালে ক’ভিডৰ নতুন সংক্ৰমণক লৈ চিন্তিত হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা৷ ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই ভেক্‌চিনেশ্যন প্ৰক্ৰিয়া আৰু অধিক জোৰদাৰ কৰিবলৈ গুৰুত্ব প্ৰদান কৰিছে৷ জানিব পৰা মতে যিসমূহ দেশত ক’ভিড-১৯ৰ দ্বিতীয় ড’জ সম্পূর্ণ হৈছে, সেইসমূহ দেশত বুষ্টাৰ ড’জ আৰম্ভ কৰা হ’ব৷ আনহাতে সংস্থাটোৰ সঞ্চালকপ্ৰধান টেড্ৰোছ আধানোম গেব্ৰিয়েছাছে জনোৱা মতে এই বছৰৰ শেষলৈ প্ৰত্যেক দেশতে অতি কমেও ৪০ শতাংশ লোকক টিকাকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ ইয়াৰ বাবে আৰু অতিৰিক্ত ৫৫ কোটি ড’জৰ প্ৰয়োজন হ’ব৷ গেব্ৰিয়েছাছে লগতে অভিযোগ কৰি কয় যে যি সময়ত ধনী ৰাষ্ট্ৰসমূহে বুষ্টাৰ ড’জ দিবলৈ আৰম্ভ কৰিছে, সেই সময়ত বহুতো দুখীয়া ৰাষ্ট্ৰই তেওঁলোকৰ জনসাধাৰণক দ্বিতীয় ড’জ দিবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ পৰাই বুজিব পাৰি যে দুখীয়া ৰাষ্ট্ৰসমূহে প্ৰয়োজন অনুসৰি ক’ভিড ভেক্‌চিন লাভ কৰা নাই বুলিও তেওঁ অভিযোগ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here