দুই কোটি টকাৰ গাঞ্জা জব্দ : ক’ত ?

0
365

ড্ৰাগ্‌ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই থকা অসম আৰক্ষীয়ে আন এক বৃহৎ সাফল্য লাভ কৰিছে৷ অসম আৰক্ষীয়ে ৰাজ্যৰ মাজেৰে দক্ষিণ ভাৰতলৈ সৰবৰাহ কৰি থকা অৱস্থাত যোৰাবাটত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷ 
এখন ট্ৰাকত কঢ়িয়াই আনা ৮০০ কেজি গাঞ্জা অসম আৰক্ষীয়ে জব্দ কৰে৷ জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ দৰ প্ৰায় ২ কোটি টকা বুলি জানিব পৰা গৈছে৷ অভিযানকাৰী আৰক্ষীয়ে গাঞ্জাখিনি সৰবৰাহ কৰা ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰিছে৷ 
উল্লেখ্য যে মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত যোৰাবাটত তালাচী অভিযান চলাইছিল৷ এই অভিযানৰ মাজতে এখন ট্ৰাকত কাৰ্টনত ভৰাই গাঞ্জাখিনি সৰকাই নিয়াৰ চেষ্টা কৰাৰ সময়ত অসম আৰক্ষীৰ তালাচীত ধৰা পৰে৷ 
সেই সূত্ৰে চলোৱা অভিযানত গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ লক্ষণীয় যে গাঞ্জাখিনি দক্ষিণ ভাৰতৰ তামিলনাডুলৈ সৰবৰাহ কৰি থকা হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলা এই সফল অভিযানক লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি শুভেচ্ছাও জ্ঞাপন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here