তৈলাক্ত ছালত এইবোৰ ভুলতো নলগাব

0
357

আমাৰ ছালত বহুতো ছিদ্ৰ থাকে আৰু ইয়াৰ সহায়ত নিজে তৈয়াৰ কৰা ছিৰাম নিৰ্গত কৰে৷ এই ছিদ্ৰসমূহ যিসকলৰ বেছি নাইবা সেইবোৰ তৈয়াৰ প্ৰক্ৰিয়া বেছি সক্ৰিয়, তেওঁলোকৰ ছালখন তৈলাক্ত হয়৷ তেনে ছালৰ গৰাকীয়ে ছালখনত কিবা লগোৱাৰ আগেয়ে দহবাৰ ভাবি ল’ব৷ কিয়নো তৈলাক্ত ছাল খুব সংবেদনশীল৷ যদি আপুনি ছালখনত লগোৱাৰ ক্ষেত্ৰত কিছু অৱলম্বন নকৰে, তেন্তে ছালখনৰ কাৰণে বিপজ্জনক হ’ব পাৰে৷ তৈলাক্ত ছালৰ ক্ষেত্ৰত কি কি বস্তু ছালখন নলগাব জানো আহক৷
নাৰিকল তেল ছালৰ বাবে অত্যন্ত উপকাৰী হ’লেও তৈলাক্ত ছালৰ গৰাকী নাৰিকল তেল ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হোৱা ভাল৷ নাৰিকল তেল ব্যৱহাৰ কৰাৰ ফলত মুখৰ ছিদ্ৰ বন্ধ হৈ যায়৷ যাৰ কাৰণে মুখত ব্ৰুন, পিম্পল আদি হোৱাৰ সম্ভাৱনা থাকে৷ সেয়েহে তৈলাক্ত ছালৰ গৰাকীয়ে কেতিয়াও ছালখনত নাৰিকল তেল নলগাব৷
প্ৰায়সংখ্যক লোকে মুখৰ উজ্জ্বলতা বঢ়াবলৈ ঘৰুৱা উপায় হিচাপে বেচনৰ ফেচপেক ব্যৱহাৰ কৰে৷ স্বাভাৱিক ছালৰ ক্ষেত্ৰত ইয়াৰ দ্বাৰা উপকৃত হয় যদিও যিসকলৰ ছাল তৈলাক্ত হয়, এই ফেচপেক ব্যৱহাৰ কৰাৰ ফলত তেনে লোকৰ এলাৰ্জিৰ সমস্যা হ’ব পাৰে৷
ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমানে পেট্ৰলিয়াম জেলি ব্যৱহাৰ কৰে৷ কিন্তু যিসকল লোকৰ ছাল তৈলাক্ত, সেইসকলে পেট্ৰলিয়াম জেলি ব্যৱহাৰ নকৰাই শ্ৰেয়৷ কিয়নো পেট্ৰলিয়াম জেলি ব্যৱহাৰ কৰাৰ ফলত তেলজাতীয় ছালখন আৰু অধিক তেলাল কৰি তোলে৷
মুখৰ সৌন্দৰ্যচৰ্চা তথা ছালখন নৰম কৰি ৰাখিবলৈ বহুতেই গাখীৰৰ সৰ ব্যৱহাৰ কৰে৷ কিন্তু তৈলাক্ত ছালৰ ক্ষেত্ৰত গাখীৰৰ সৰ ব্যৱহাৰ কৰিলে মুখখন নিস্তেজ হৈ পৰে আৰু বেছি আঠাৰ লেখীয়া অনুভৱ কৰা যায়৷ সেয়েহে তৈলাক্ত ছালত গাখীৰৰ সৰ ব্যৱহাৰ কৰা উচিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here