দীঘল চুলিৰ বাবে হেনা লগোৱাৰ সঠিক নিয়ম || Correct way of using henna for long hair

0
941

নিজৰ চুলিকোছা ঘন, দীঘল আৰু কিচকিচিয়া ক’লা হোৱাৰ বাবে মহিলাসকলে কত কি যে ব্যৱহাৰ নকৰে, তাৰ হিচাপ নাই৷ বিভিন্ন ধৰণৰ কছমেটিকৰ প্ৰডাক্টৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক উপায় পৰ্যন্ত অৱলম্বন নকৰা নহয়৷ তাৰ ভিতৰত এবিধ হ’ল হেনা৷ বহুতো মহিলাই চুলিকোছাত হেনা লগোৱা দেখা যায়৷ পিছে হেনা লগোৱাৰ সঠিক নিয়ম আপুনি জানেনে? আপুনিও যদি নিজৰ চুলিকোছা ঘন আৰু দীঘল কৰিব বিচাৰিছে, তেন্তে এইদৰে হেনা লগাওক৷

What is Henna and how is it used in Morocco? - MarocMama

ইয়াৰ বাবে আপোনাক লাগিব দুচামুচ হেনা, দুচামুচ আমলখি পাউডাৰ, দুচামুচ ভৃংগৰাজ পাউডাৰ আৰু দুটা কেঁচা কণীৰ কুহুম৷ এই গোটেইকেইবিধ সামগ্ৰী একেলগে মিশ্ৰণ কৰি এটা পেষ্ট তৈয়াৰ কৰি লওক৷ যেতিয়া পেষ্টটো তৈয়াৰ হৈ যাব, তেতিয়া মূৰৰ ছাল আৰু চুলিত ভালকৈ ইয়াক লগাওক৷ আধা ঘণ্টামান ৰাখি কুহুমীয়া পানীৰে চুলিকোছা ধুই দিব৷ এনেদৰে সপ্তাহত এবাৰমান এই নিয়ম মানি চলিলে আপোনাৰ চুলিখিনি নিশ্চয় সোনকালে বাঢ়ি অহাত সহায়ক হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here