মহিলাৰ বিশেষধৰণৰ অন্তৰ্বাসে কেঞ্চাৰৰ সম্ভাৱনা বঢ়ায় নেকি? Do certain types of innerwear enhance chances of cancer?

0
541
মহিলাৰ অংগসজ্জাৰ কথা ওলালে মূৰৰ পৰা ভৰিপৰ্যন্ত, যি পোছাক-পৰিচ্ছদ, প্ৰসাধন সামগ্ৰীলৈ সাঙুৰি থাকে, অন্তৰ্বাস তাৰ মাজৰে এবিধ৷ সকলো বয়সৰে মহিলাৰ বাবে অত্যন্ত জৰুৰী ব্ৰা বা অন্তৰ্বাস গুৰুত্বপূৰ্ণ সামগ্ৰী৷  মহিলাৰ শৰীৰ গঠন যথাযথ কৰা বাবে লগতে স্তনৰ আকাৰ ঠিক ৰখাত ব্ৰা অতি জৰুৰী৷ আজিকালি বজাৰত বিভিন্ন প্ৰকাৰৰ বিশেষ ধৰণৰ অন্তৰ্বাস সহজসলভ্য৷ গ্ৰাহকক আকৰ্ষিত কৰিবলৈ বেলেগ ধৰণে এই অন্তৰ্বাসসমূহ তৈয়াৰ কৰা হয়৷ এই অন্তৰ্বাসসমূহ লৈ বিভিন্ন ধাৰণা কৰা হয় যে ইয়াৰ ব্যৱহাৰে শৰীৰত ক্ষতিসাধন হ’ব পাৰে নেকি ইত্যাদি৷ 
What to Wear after Breast Cancer Treatment | Onco.com

আনহাতে গোটেই ৰাতি মহিলাসকলে ব্ৰা পিন্ধি শুলে শৰীৰৰ পক্ষে ক্ষতিকাৰক বুলিও অনেকেই মত প্ৰকাশ কৰে৷ আনকি বিশেষধৰণে প্ৰস্তুত কৰা ব্ৰা পিন্ধাৰ ফলত কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰো সৃষ্টিৰ কাৰক বুলি বহুতেই কয়৷ বিশেষজ্ঞসকলে কিন্তু এইধৰণৰ ধাৰণা স্বীকাৰ কৰা নাই৷ চিকিৎসকলৰ মতে কোনোধৰণৰ পোছাকে কেঞ্চাৰৰ দৰে ব্যাধিয়ে আমাৰ জৰ্জৰিত কৰিব নোৱাৰে৷ কাৰণ এই ৰোগটো DNA-ৰ অৱস্থানৰ পৰিৱৰ্তনৰ ফলতহে সৃষ্টি হয়৷ নাইবা বংশগত বা জিনীয় কাৰণত, বয়সজনিত সমস্যা আদি নানা কাৰণত হ’ব পাৰে৷ ইয়াত পোছাক কিম্বা অন্তৰ্বাসৰ কোনো সম্পৰ্ক নাই৷ মহিলাসকলে শোৱাৰ সময়ত অন্তৰ্বাস পিন্ধাতো তেওঁলোকৰ নিজৰ স্বস্তি বা অস্বস্তিৰ লগত জড়িত সিদ্ধান্ত৷ সেয়েহে চিকিৎসকে আশ্বস্ত কৰিছে যে অন্তৰ্বাসে কেঞ্চাৰৰ দৰে মাৰাত্মক ব্যাধিৰ সৃষ্টি কৰিবলৈ নোৱাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here