WHO-ৰ সতৰ্কবাণী ঃ ভয়াৱহ মহামাৰীয়েবিপদ ঘটাব পাৰে মানৱ সমাজক

0
317


জেনেভাত অনুষ্ঠিত ৬২ সংখ্যক বিশ্ব স্বাস্থ্য অধিৱেশনত বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ই বিশ্ববাসীলৈ এইবুলি সাৱধানবাণী শুনাইছে যে সমগ্ৰ বিশ্ববাসীয়ে ঘাতক মহামাৰীৰ বাবে সাজু হওক৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰববী টেড্ৰোছ আধানোম গেব্ৰিয়েছাছে উক্ত সন্মিলনত বিশ্ব মানৱ স্বাস্থ্য সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰি কয় যে পৰৱৰ্তী মহামাৰী সন্দৰ্ভত বিশ্ববাসীক সাজু হ’বলৈ তেওঁ আহবান জনায়৷ তেওঁ লগতে উল্লেখ কৰে যে ক’ভিড মহামাৰীৰ সাময়িকভাৱে সুস্থিৰ হৈছে যদিও ইয়াৰ সমাপ্তি এতিয়াও হোৱা নাই৷ কিন্তু বিশ্ববাসীয়ে পৰৱৰ্তী সময়ত ক’ভিডকৈও অধিক ভয়াৱহ মহামাৰীৰ বাবে সাজু থাকক৷ এই নতুন ভয়মকৰ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ অধিক ভয়াৱহ হ’ব আৰু এই ভাইৰাছত আক্ৰান্তৰ লগতে মৃত্যুৰ হাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাব বুলিও তেওঁ সকীয়াই দিয়ে৷ সেয়ে ইয়াৰ ৰোধ তথা প্ৰতিকাৰ স্বৰূপে আগতীয়াকৈয়ে সাজু হ’বলেও তেওঁ পৰামৰ্শ আগবঢ়ায়৷ আনহাতে আগন্তুক মহামাৰীৰ যেতিয়া প্ৰাদুৰ্ভাৱ ঘটিব, তেতিয়াই সমগ্ৰ বিশ্ববাসীয়ে সন্মিলিতভাৱে আৰু ঐক্যবদ্ধভাৱে ইয়াৰ বিৰুদ্ধে নিৰ্ণায়ক যুঁজ দিব লাগিব বুলিও জনায়৷ উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাটোৰ মুৰববীজনে লগতে কয় যে ক’ভিড মহামাৰীয়ে সমগ্ৰ বিশ্বৰে অৰ্থনৈতিক অৱস্থা ভাঙি বিশ্বৰ আৰ্থিক অৱস্থা নিশকতীয়া কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here