দাঁত ব্ৰাছ কৰাৰ পাছতেই মাউথৱাশ্ব নকৰিব– কিয়?

0
1262
দাঁতৰ সুস্থতাৰ বাবে আমি দাঁত ব্ৰাছ কৰোঁ যদিও দাঁত ব্ৰাছ কৰাৰ ঠিক পাছতেই মাইথৱাশ্বৰ ব্যৱহাৰে দাঁতক নিৰুৎসাহিত কৰে৷ বিশেষজ্ঞৰ মতে দাঁত ব্ৰাছ কৰাৰ পাছতেই মাউথৱাশ্ব ব্যৱহাৰ কৰিলে ভুল ৰুটিন অনুসৰণ কৰা হয়৷ দাঁত ব্ৰাছ কৰাৰ আগতে বা খোৱাৰ পাছত মাউথৱাশ্বেৰে মুখ পৰিষ্কাৰ কৰা উচিত৷ ফ্ল’ৰাইড সমৃদ্ধ মাউথৱাশ্ব ব্যৱহাৰ কৰিলে দাঁতৰ ক্ষয়ৰোগ প্ৰতিৰোধ কৰে যদিও দাঁত ব্ৰাছ কৰাৰ পাছত মাউথৱাশ্ব ব্যৱহাৰ কৰা উচিত নহয়৷ দাঁত ব্ৰাছ কৰাৰ পাছত মাউথৱাশ্ব ব্যৱহাৰ কৰা মানে দাঁতত থকা ফ্ল’ৰাইড যৌগ ধুই নিয়া৷ 
Is It Good to Use Mouthwash? - Solar Dental & Orthodontics

এনেদৰে দাঁতৰ ফ্ল’ৰাইড নোহোৱা হ’লে বিভিন্ন অসুবিধা হ’ব পাৰে৷ সাধাৰণতে ফ্ল’ৰাইডে দাঁতৰ দুৰ্বল এনামেল পুনৰ গঠনত সহায় কৰে৷ দাঁতৰ এনামেলে দাঁত ক্ষয় যোৱা কম কৰে৷ ইয়াৰ উপৰি দাঁতৰ ক্ষতিকাৰক বেক্টেৰিয়াৰ বৃদ্ধি প্ৰতিহত কৰে৷ দন্ত বিশেষজ্ঞসকলৰ মতে মাউথৱাশ্ব ব্যৱহাৰ কৰিলে দাঁতৰ সংবেদনশীলতা, মুখৰ শুষ্কতা কমাত সহায় কৰে৷ আনহাতে চেনি বা শৰ্কৰাজাতীয় খাদ্য খোৱাৰ সময়ত মুখৰ বেক্টেৰিয়াই নিজৰ খাদ্য সংগ্ৰহ কৰিবলৈ এচিড উৎপন্ন কৰে৷ এই এচিডে দাঁতৰ এনামেল দুৰ্বল কৰে৷ এই অৱস্থাত অসাৱধানতাৰে দাঁত মাজিলে ভৱিষ্যতে আৰু অধিক ক্ষতিৰ সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here