ব্লেক কফিয়ে ওজন হ্ৰাস কৰে নেকি?

0
1662
প্ৰায় সকলো মানুহেই ৰাতিপুৱা শুই উঠিয়েই কফি খোৱাটো পচন্দ কৰে৷ কিয়নো ইয়াত থকা কেফেইনে শৰীৰটোক সতেজতা প্ৰদান কৰাত সহায় কৰে৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে একাপ ব্লেক কফিয়ে আপোনাৰ ওজন হ্ৰাস কৰাতো সহায় কৰিব পাৰে৷ ব্লেক কফিয়ে কেনেদৰে ওজন হ্ৰাসত অৰিহণা যোগায়, জানো আহক৷

(১) ব্লেক কফিত থকা ক্লৰোগেনিক এচিডে চৰ্বি দহন কৰাত সহায় কৰে৷ ইয়াৰ উপৰি ব্লেক কফিয়ে নতুন চৰ্বিকোষ উৎপন্নৰ পৰিমাণ কমাই দিয়ে৷ ফলস্বৰূপে কেলৰি হ্ৰাস পোৱাত সহায়ক হয়৷

Drinking two cups of coffee a day can help you lose weight by burning fat - Mirror Online


(২) ব্লেক কফিয়ে আমাৰ শৰীৰত মেটাবলিজমৰ পৰিমাণ বৃদ্ধি কৰে আৰু ইয়ে আমাৰ ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷


(৩) মনত ৰাখিব যাতে ব্লেক কফিত চেনি বা অন্যান্য মিঠা দ্ৰব্য মিশ্ৰণ নকৰে৷ কিন্তু আপুনি যদি ব্লেক কফি অধিক তিতা পায়, তেন্তে আপুনি Nut milk বা ক্ৰিম মিশ্ৰণ কৰি খাব পাৰে৷

How to Stop Plant-Based Milk From Curdling in Your Coffee | Cooking Light


(8) ব্লেক কফিয়ে আপোনাক গোটেই দিনতো সক্ৰিয় আৰু সতেজ কৰি ৰাখে৷ যাৰ জৰিয়তে আপোনাৰ অধিক কেলৰি বাৰ্ন হোৱাত সহায়ক হয়৷


(৫) ব্যায়াম বা শৰীৰচৰ্চাৰ আগত ব্লেক কফি সেৱন কৰিলে মনটো সুস্থিৰ হৈ থাকে৷

Caffeine and How It Can Enhance Your Athletic Performance - GymBeam Blog


(৬) কিছুমান মানুহৰ অধিক পানী খোৱাৰ ফলতো ওজন বৃদ্ধি হয়৷ ব্লেক কফিয়ে কোনো ধৰণৰ পাশ্বৰ্ক্ৰিয়া নোহোৱাকৈ সঘনাই প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰত পানীৰ সন্তুলন বজাই ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here