গৱেষকৰ মত : ২০ হাজাৰ বছৰৰ আগতে কৰ’নাই তাণ্ডৱ চলাইছিল

0
1778
বিজ্ঞান বাৰ্তালোচনী Current Biologyত প্ৰকাশিত এখন প্ৰতিবেদনত কোৱা হৈছে যে আজিৰ পৰা ২০ হাজাৰ বছৰৰ আগতে পূব এছিয়াত এবিধ কৰ’না ভাইৰাছে তাণ্ডৱৰ সৃষ্টি কৰিছিল৷ গৱেষণাৰ পৰা জানিব পৰা মতে, তেতিয়া এই পুৰণা কৰ’না ভাইৰাছে সমগ্ৰ এলেকাটোত কেইবা বছৰলৈ ত্ৰাসৰ সৃষ্টি কৰিছিল৷ এই গৱেষণাত গৱেষকৰ দলক নেতৃত্ব দিয়া এৰিজোনা বিশ্ববিদ্যালয়ৰ ইভ’লিউশ্যনেৰী বায়’লজিষ্ট ডেভিড এনাৰ্ডে কয় যে ইয়াক লৈ আমি চিন্তিত হোৱাৰ প্ৰয়োজন৷ এতিয়া যিটো চলি আছে, সেইটো কেইবাটাও প্ৰজন্মলৈ চলি থাকিব পাৰে৷’ তেওঁ কয় যে ২০ হাজাৰ বছৰৰ আগতে হোৱা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰকোপ ইমানেই গভীৰ আছিল যে এতিয়াও চীন, জাপান, ভিয়েটনাম আৰু পূব এছিয়া তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকৰ ডি এন এত ইয়াৰ অৱশেষ পোৱা গৈছে৷ এই অঞ্চলবোৰত বৰ্তমানে থকা লোকসকলৰ ৪২ বিধ জিনত কৰ’না ভাইৰাছৰ পৰা বাচি থকাৰ বাবে পৰিৱৰ্তন হোৱাৰ প্ৰমাণ পোৱা গৈছে৷ উল্লেখ্য যে বৰ্তমান কভিড-১৯ সংক্ৰমণে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে৷ বিশ্বত ১৮ কোটি লোকৰ কৰ’নাৰ সংক্ৰমণ হোৱাৰ লগতে ৩৯ লাখতকৈ অধিক লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ গৱেষকসকলৰ মতে, টিকাকৰণৰ জৰিয়তে কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব লাগিব, অন্যথা কেইবা বছৰলৈ মহামাৰী অব্যাহত থাকিব৷ উল্লেখ্য যে বিজ্ঞানীসকলে কৰ’না ভাইৰাছৰ পৰিয়ালৰ ইমান পুৰণি ইতিহাসৰ বিষয়ে পূৰ্বতে জনা নাছিল৷ যোৱা ২০ বছৰত তিনিবিধ কৰ’না ভাইৰাছ মানুহৰ দেহলৈ সংক্ৰমিত কৰি শ্বাস-প্ৰশ্বাসজনিত গুৰুতৰ ৰোগৰ সৃষ্টি কৰাৰ বাবে এড্‌পটেশ্যন কৰিছে৷ এই ভাইৰাছ তিনিবিধ হ’ল কভিড-১৯, ছাৰ্ছ (SARS) আৰু মাৰ্ছ (MERS)৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here