তুলসীৰ পাতৰ কি আছে এনে অসাধাৰণ গুণ

0
336

তুলসী গছ হল হিন্দু সম্প্ৰদায়ৰ এবিধ পবিত্ৰ গছ ।
তুলসী তিনি প্ৰকাৰৰ – ক’লা তুলসী ,দুলাল তুলসী আৰু ৰাম তুলসী । তুলসী গছ এবিধ বৈষধী গুণ থকা গছ । তুলসীৰ ৰস কাহ, পানী লগা জ্বৰ , কাণৰ বিষ, পেটৰ অসুখ আদি বেমাৰত উপকাৰী। কাটিলে বা মহ- পোক-পৰুৱাই কামুৰিলে তুলসীৰ পাত মোহাৰি লগাই দিলে সুফল লাভ কৰিব পাৰি । নাকৰ ঘা আদি হ’লে শুকান তুলসীৰ পাত গুৰি কৰি শুঙিলে ভাল হয় । তুলসী পাত আৰু হালধিৰ ৰস খালে উচ্চ ৰক্তচাপ ভাল হয় । কাণৰ বিষ হ’লে তুলসীৰ ৰস গৰম কৰি কাণত লগালে ভাল হয় । তুলসীৰ ৰসৰ লগত নিমখ মিহলাই লগালে খৰ-খজুৱতি ভাল হয় । চকু ৰঙা পৰিলে তুলসীৰ ৰস চকুত দিলে ভাল হয় । সৰু ল’ৰা-ছোৱালীৰ পেটৰ বিষ আদি হ-লে তুলসীৰ ৰস খালে সুফল লাভ কৰিব । সৰু ল’ৰা-ছোৱালীৰ জ্বৰ বা কাহ হ’লে তুলসীৰ ৰস মৌৰ লগত মিহলাই খালে ভাল হয় । প্ৰাপ্তবয়স্কসকলে তুলসীৰ ৰসৰ লগত মৌ আৰু আদাৰ ৰস অলপ মিহলাই খালে সুফল লাভ কৰিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here