উদ্বেগজনক ! মাছৰ উৎপাদন বৃদ্ধিত ৰাসায়নিক সাৰৰ ব্যৱহাৰ

0
1319

মাত্ৰাধিক হাৰত ৰাসায়নিক সাৰকে ধৰি অন্যান্য ক্ষতিকাৰক সামগ্ৰী ব্যৱহাৰ কৰি অসমত মাছৰ উৎপাদন বৃদ্ধি কৰা হৈছে৷ দেখাত সন্তোষজনকভাৱে ৰাজ্যখনত মাছৰ উৎপাদন বৃদ্ধি হৈছে যদিও প্ৰকৃততে ৰাসায়নিক সামগ্ৰী ব্যৱহাৰৰ ফলত দুগুণ বৃদ্ধি পাইছে মাছৰ উৎপাদন৷ ধান খেতিত ব্যৱহাৰ হোৱা ইউৰিয়া সাৰৰ উপৰি কম সময়ৰ ভিতৰত আকাৰ বৃদ্ধি হোৱা ৰাসায়নিক সামগ্ৰী বহুসংখ্যক মীন পালকে ব্যৱহাৰ কৰিছে৷ 
বিশেষকৈ ব্যাৱসায়িক ভিত্তিত মীন পালনত আত্মনিয়োগ কৰা একাংশ লোকে কম দিনৰ ভিতৰত অধিক লাভান্বিত হোৱাৰ লক্ষ্য লৈ পুখুৰী, বিল, জলাশয় আদিত ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰিছে৷ 
ৰাসায়নিক সামগ্ৰী ব্যৱহাৰৰ ফলত ৰাজ্যত উৎপাদিত মাছৰ পৰিমাণ প্ৰায় চাহিদাৰ সমান হ’বলৈ গৈ আছে৷ ব্যাৱসায়িক ভিত্তিত মীন উৎপাদনত ব্যস্ত থকা বহু পালকে ৰাসায়নিক সামগ্ৰী পুখুৰীত ব্যৱহাৰ কৰাৰ বিষয়ে জ্ঞাত হৈও মীন বিভাগে অভিযান নচলায়৷ 
যাৰ ফলত দিনে দিনে বৃদ্ধি পাইছে ৰাসায়নিক সামগ্ৰীৰ ব্যৱহাৰ৷ জানিব পৰা মতে, সম্প্ৰতি ৰাজ্যখনত বছৰত প্ৰায় ৩.৯৩ লাখ মেট্ৰিক টন মাছ উৎপাদন হয়৷ বিপৰীতে এটা বছৰত চাহিদাৰ পৰিমাণ হ’ল ৪ লাখ মেট্ৰিক টন৷ অৰ্থাৎ চাহিদা আৰু উৎপাদনৰ মাজত পাৰ্থক্য মাত্ৰ .০৭ লাখ মেট্ৰিক টন৷ 
অসমত উৎপাদিত মাছৰ পৰিমাণ বিগত চাৰি-পাঁচ বছৰত অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাত এতিয়া অসমত উৎপাদিত মাছে মেঘালয়, অৰুণাচল প্ৰদেশ আদিৰ বজাৰ দখল কৰিছে৷ 
কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে মীন উন্নয়নৰ বাবে গ্ৰহণ কৰা পি এম এম এছ ৱাই, আৰ কে ভি ৱাই, চি এম এছ জি ইউ ৱাই, আৰ আই ডি এফ, ঘৰ ঘৰ পুখুৰী ঘৰ ঘৰ মাছ আদি কেইবাখনো আঁচনি বিগত চাৰি-পাঁচ বছৰত ৰাজ্যখনত ৰূপায়ণ হৈছে৷ যাৰ ফলত মাছ পালনৰ উৎস বৃদ্ধি পাইছে৷ 
কিন্তু যি ধৰণে পাঁচ-ছয় বছৰত উৎপাদন বৃদ্ধি পাইছে, তাৰ আঁৰত ৰাসায়নিক সামগ্ৰীৰ ব্যৱহাৰে প্ৰধান ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উঠিছে৷ চৰকাৰৰ মীন বিভাগে এই ক্ষেত্ৰত চকু নাৰাখিলে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি নামি অহাটো প্ৰায় নিশ্চিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here