টেলিস্কোপে উদ্‌ঘাটন কৰিব মহাকাশ সৃষ্টিৰ ৰহস্য || Telescope to unravel mystery behind creation of space

0
1082
২৫ ডিচেম্বৰত নাছাই উৎক্ষেপণ কৰে বিশ্বৰ সৰ্ববৃহৎ টেলিস্ক’প জেম্‌ছ ৱে’ব স্পেচ টেলিস্কোপ৷ মহাকাশ সৃষ্টিৰ ৰহস্য উদ্‌ঘাটন কৰিব বুলি আশা কৰা শতিকাটোৰ এই সৰ্ববৃহৎ আৱিষ্কাৰৰ অংশ হ’ল অসমৰ যোৰহাটৰ যুৱক ৰংমন বৰদলৈ৷ জ্যোতিৰ্বিজ্ঞানক এক নতুন মাত্ৰা দি বিজ্ঞানক এক বিশেষ পৰ্যায়লৈ লৈ যাব বুলি আশা কৰা নাছাৰ এই টেলিস্কোপটো বৰ্তমানৰ সৰ্ববৃহৎ হাবল্‌ছ টেলিস্কোপতকৈ ৩গুণ ডাঙৰ হ’ব৷ ই নিজৰ কক্ষপথৰ পৰা মহাকাশৰ এনে কিছুমান ফটো প্ৰেৰণ কৰিব, যিবোৰৰ ৰহস্য ইমানদিনে পৃথিৱীবাসীয়ে উন্মোচন কৰিব পৰা নাছিল৷ জ্যোতিৰ্বিজ্ঞানৰ এই অদমনীয় যাত্ৰাত এজন অসমীয়া যুৱক অংশ হোৱাটোৱেই চলিত বৰ্ষৰ অসমৰ অন্যতম সন্মান৷ উল্লেখ্য যে নাছাৰ শ্ৰেষ্ঠ বিজ্ঞানীৰ এটা দলে বিগত ২০ বছৰ ধৰি এই টেলিস্কোপটোৰ আৱিষ্কাৰৰ প্ৰক্ৰিয়াত জড়িত আছিল৷ ব্ৰহ্মাণ্ড সৃষ্টিৰ ৰহস্য উদ্‌ঘাটনৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ বিজ্ঞানীৰ দলটোত চামিল হৈছিল নৰ্থ কেৰ’লিনা ষ্টেট ইউনিভাৰ্ছিটিৰ সহযোগী অধ্যাপক তথা জ্যোতিৰ পদাৰ্থ বিজ্ঞানী যোৰহাটৰ ৰংমন বৰদলৈ৷ ইতিমধ্যেই তেওঁলোক গৱেষণাটোত সফল হৈছে আৰু ২৫ ডিচেম্বৰত নাছাই বিশ্বৰ সৰ্ববৃহৎ টেলিস্কোপটো নিজৰ কক্ষপথলৈ উৎক্ষেপণ কৰিব৷ উল্লেখ্য যে এতিয়ালৈকে বিশ্বৰ সৰ্ববৃহৎ টেলিস্কোপ হাবল্‌ছ টেলিস্কোপৰ কক্ষপথ পৃথিৱীৰ প্ৰায় ওচৰতে আছিল, যদিও কাৰিকৰীভাৱে এই টেলিস্ক’পটোৱে মহাকাশৰ সকলো ৰহস্য ভেদ কৰিবলৈ সক্ষম হোৱা নাছিল৷ কিন্তু নতুন টেলিস্কোপটো পৃথিৱীৰ পৰা ১.৫ মিলিয়ন মাইল দূৰত স্থাপন কৰা হ’ব৷ বিজ্ঞানক আৰু সামগ্ৰিকভাৱে মানৱ সভ্যতাকো এক নতুন উচ্চতালৈ লৈ যোৱা এনে যুগান্তকাৰী পৰিঘটনাৰ সাক্ষী হ’বলৈ ধৰা ৰংমন বৰদলৈলৈ এই ছেগতে অভিনন্দন জ্ঞাপন কৰিছোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here