৩ জানুৱাৰীৰ পৰা ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক ক’ভিড ভেক্‌চিন || Covid vaccination of adolescents between 15 and 18 years of age from January 3

0
547
১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক কভিডৰ প্ৰতিষেধক প্ৰদানৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ৷ অহা ৩ জানুৱাৰীৰ পৰা কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব কভিডৰ প্ৰতিষেধক৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই কথা সদৰী কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিত কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদানৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুত কৰাটো অব্যাহত ৰখাৰ কথা সদৰী কৰি দুই-এদিনৰ ভিতৰত নীতি-নিৰ্দেশনা প্ৰকাশ কৰা হ’ব বুলি কয়৷ কিশোৰ-কিশোৰীক কভিড প্ৰতিষেধক প্ৰদানৰ লগতে ১০ জানুৱাৰীৰ পৰা ৬০ বছৰৰ ঊৰ্ধ্বৰ লোক আৰু জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকক বুষ্টাৰ ড’জ প্ৰদান কৰা হ’ব বুলিও কয়৷ প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছতেই ৰাজ্য চৰকাৰে এই সিদ্ধান্ত লোৱা বুলি স্বাস্থ্য মন্ত্ৰীয়ে সদৰী কৰে৷ অৱশ্যে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা নীতি-নিৰ্দেশনা স্পষ্টকৈ অহাৰ পাছতহে ৰাজ্য চৰকাৰেও বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰি প্ৰতিষেধক প্ৰদান আৰম্ভ কৰিব বুলি মন্ত্ৰী মহন্তই সংবাদ মাধ্যমৰ আগত কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here