জোনাইত অচিন ৰোগ

0
2046

কৰ’নাৰ মহামাৰীৰ মাজতে জোনাইত অচিন ৰোগে চলাইছে সন্ত্ৰাস৷ এই অচিন ৰোগত জোনাইত দুজনকৈ লোকৰ মৃত্যু হয়৷ জোনাই মহকুমাৰ অতি পিছপৰা চিলে গাঁও পঞ্চায়তৰ বাহিৰ চিলেৰ দুজন লোকৰ অচিন ৰোগত মৃত্যু হয়৷ অস্বাভাৱিকভাৱে লোক দুজনৰ মৃত্যুৰ ঘটনাক লৈ সাধাৰণ ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে৷ এই ৰোগৰ লক্ষণ হিচাপে ভৰি-হাতৰ দুৰ্বলতা, বমি, খোজকঢ়াত অসুবিধাই দেখা দিয়ে৷ স্থানীয় বাসিন্দাসকলে জানিবলৈ দিয়া মতে, এই ৰোগৰ লক্ষণ দেখা দিয়া লোকসকল বেছিদিন জীয়াই নাথাকে৷ অচিন ৰোগত আক্ৰান্ত লোকসকলক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও কোনোধৰণৰ সুফল পাবলৈ সক্ষম নহয়৷ বৰ্তমানেও জোনাইৰ বাহিৰে চিলেগাঁৱৰ নীলেশ ৰেগন, জনাৰ্দন পেগু, মনোজ ঙাটে, ৰবীন ৰেগন, প্ৰমনাথ ৰেগন, প্ৰশান্ত নৰহ লোককেইজন প্ৰায় এমাহ ধৰি অচিন ৰোগত আক্ৰান্ত হৈ থকা বুলি জানিব পৰা গৈছে৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে এই অচিন ৰোগৰ কাৰণ বিচাৰি পোৱা নাই যদিও কিহৰ বাবে এই ৰোগ হৈছে, জানিব পৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here