পদ্মাসন কেনেকৈ কৰিব?

0
2037

গ্ৰীকসকলে কৈছিল, সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হয়৷ হয়– আমাৰ মন ভালে থাকিবলৈ হ’লে আমাক এটা সুস্থ আৰু নিৰোগী জীৱন-যাপনৰ প্ৰয়োজন৷ আমাৰ শৰীৰটোৰ সুস্বাস্থ্যৰ বাবে যেনেকৈ আহাৰৰ প্ৰয়োজন, ঠিক সেইদৰে আসন-প্ৰাণায়ামৰো প্ৰয়োজন আছে৷ প্ৰত্যেকদিনে নিয়মিতৰূপে ব্যায়াম কৰিলে শৰীৰৰ লগতে মনৰ একাগ্ৰতা আৰু শান্তিৰ বিকাশ হয়৷ এনেকুৱা বহু ব্যায়াম আছে, যাৰ নিয়মিত অভ্যাসে আমাক সুস্বাস্থ্যৰ গৰাকী হোৱাত সহায় কৰিব পাৰে৷ তাৰ ভিতৰত এটা সহজ আসন হ’ল পদ্মাসন৷ দেখিবলৈ পদুম ফুলৰ দৰে হোৱা বাবে এই আসনক পদ্মাসন বোলা হয়৷ এই আসন কৰাৰ নিয়মসমূহ পৰ্যায়ক্ৰমে এনেধৰণৰ– প্ৰথমে মানুহজনে নিজৰ পচন্দ অনুসৰি এটা সমতল ঠাইত বহি ল’ব লাগে৷ তাৰ পাছত সোঁভৰিখন, বাওঁভৰিৰ কৰঙণৰ ওপৰত আৰু বাওঁভৰিখন, সোঁভৰিৰ কৰঙণত ৰাখিব লাগে৷ মেৰুদণ্ড পোন কৰি দুয়োখন হাতৰ গাঁঠিবোৰ আঁঠুৰ ওপৰত থৈ তৰ্জনী আৰু বুঢ়া আঙুলি যুক্ত কৰি জ্ঞানমুদ্ৰা ধাৰণ কৰিব লাগে৷ চকু দুটা মুদি লাহে লাহে উশাহ-নিশাহ গ্ৰহণ কৰিব লাগে৷ প্ৰথমতে এক-দুই মিনিট ধ্যান কৰি লাহে লাহে সময় বঢ়াব লাগে৷ এই আসনে ভৰি আৰু কৰঙণৰ সিৰবোৰৰ বল বৃদ্ধি কৰে৷ পদ্মাসন কৰিলে ৰাজহাড়ৰ বিকৃত ভাঁজ নালাগে আৰু বাতবিষ নিৰাময় হয়৷ সেই কাৰণে এই আসনক ‘গাঁঠিৰ বিষ নাশক’ বুলিও কোৱা হয়৷ ইয়াৰ নিয়মিত অভ্যাসে মনৰ একাগ্ৰতা বঢ়োৱাৰ লগতে চিন্তাশক্তি, স্মৃতিশক্তি আৰু ইচ্ছাশক্তি বঢ়োৱাতো অৰিহণা যোগায়৷ সেয়েহে আহক সদায় ৰাতিপুৱা শুই উঠিয়েই আন আসনৰ লগত পদ্মাসন কৰি শৰীৰ সুস্থ আৰু নিৰোগী কৰি ৰাখো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here