দেশৰ সকলোকে কৰ’নাৰ ভেকচিন দিয়া নহয়

0
1394

দেশৰ সকলো লোককে কৰ’নাৰ ভেকচিন দিয়া নহয়৷ কেন্দ্রীয় চৰকাৰে এই কথা স্পষ্ট কৰে৷ চৰকাৰে স্পষ্ট কৰি দিয়ে যে দেশৰ সকলো নাগৰিককে কৰ’নাৰ ভেকচিন দিয়া হ’ব বুলি কেতিয়াও কোৱা হোৱা নাই৷ চৰকাৰে কয় যে দেশৰ সেইসকল লোককহে কৰ’নাৰ ভেকচিন দিয়া হ’ব যিসকলৰ যোগেদি কৰ’নাৰ সংক্রমণৰ শৃংখলা ভাঙি দিব পাৰি৷ চৰকাৰে লগতে অক্সফ’র্ড বিশ্ববিদ্যালয়ে প্রস্তুত কৰা কৰ’নাৰ ভেকচিন কভিশ্বিল্ডৰ ভাৰতত তৃতীয় পর্যায়ৰ পৰীক্ষা অব্যাহত থাকিব বুলি কয়৷ উল্লেখযোগ্য যে কভিশ্বিল্ডৰ ড’জ লোৱাৰ পাছত চেন্নাইৰ এজন ৪০ বছৰীয়া ব্যক্তিৰ পার্শ্বক্রিয়া হোৱা বুলি অভিযোগ কৰা হৈছে৷ এই প্রসংগত চৰকাৰে আজি এনেদৰে কয়৷ স্বাস্থ্য মন্ত্র্যালয়ৰ সচিব ৰাজেশ ভূষণৰ সৈতে এখন যুটীয়া সংবাদমেলত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আই চি এম আৰ) সঞ্চালকপ্রধান ডাঃ বলৰাম ভার্গৱে কয়, ‘মই এই কথা স্পষ্ট কৰি দিব খোজোঁ যে সমগ্র দেশতে টিকাকৰণ কৰা হ’ব বুলি চৰকাৰে কেতিয়াও কোৱা নাই৷ ভেকচিনৰ কার্যকাৰিতাৰ ওপৰত নির্ভৰ কৰিব৷ আমাৰ উদ্দেশ্য হ’ল কৰ’নাৰ শৃংখলা ভাঙি পেলোৱা৷ যদিহে কৰ’নাৰ সংক্রমণ হোৱাৰ আশংকা থকা লোকসকলৰ টিকাকৰণত সফল হ’ব পৰা যায় তেতিয়া সংক্রমণৰ শৃংখলাক ভাঙি পেলোৱাতো সফল হ’ব পাৰি আৰু তেনে অৱস্থাত দেশৰ সকলো লোকৰে টিকাকৰণৰ প্রয়োজন নহ’ব৷’

LEAVE A REPLY

Please enter your comment!
Please enter your name here