জিকা ভাইৰাছৰ সংক্ৰমণ অসমতো সতৰ্কতা জাৰি || Spread of Zika virus: alert sounded in Assam also

0
569
দেশৰ বিভিন্ন প্ৰান্তৰত জিকা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছতে অসমতো সতৰ্কতা জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰতিখন জিলাকে এই ক্ষেত্ৰত সতৰ্ক হৈ থাকিবৰ বাবে নিৰ্দেশ দিয়াৰ লগতে জিকা ভাইৰাছত আক্ৰান্ত লোকৰ যিসমূহ লক্ষণ, তেনে ধৰণৰ লক্ষণ থকা লোক চিনাক্ত হ’লেই তেওঁলোকক সুকীয়াকৈ ৰাখি চিকিৎসা প্ৰদান কৰিবৰ বাবে নিৰ্দেশ দিছে৷ উল্লেখ্য যে কৰ’নাই সমগ্ৰ দেশতে আতংকৰ সৃষ্টি কৰাৰ সময়তে জিকা ভাইৰাছক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ইতিমধ্যে কানপুৰ, পুনে আৰু কেৰালাত এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ জিকা ভাইৰাছ এডিছ মহৰ দ্বাৰা সংক্ৰমিত হয়৷ এই ভাইৰাছ ডেংগুতকৈ অধিক বিপজ্জনক৷ কিয়নো জিকাৰ কোনো ভেক্‌চিন আৱিষ্কাৰ হোৱা নাই৷ এই ভাইৰাছটো লেলাৱতি আৰু প্ৰস্ৰাৱৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, জিকা ভাইৰাছৰ সংস্পৰ্শলৈ অহা ব্যক্তি এজনৰ দেহত ভাইৰাছৰ লক্ষণবোৰ ৩ৰ পৰা ১৪ দিনৰ ভিতৰত দেখা দিবলৈ আৰম্ভ কৰে৷ এই ভাইৰাছটো গৰ্ভৱতী মহিলাৰ বাবে অধিক বিপজ্জনক বুলিও বিবেচিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here