বন্ধাকবি খালে মস্তিষ্কৰ কি ক্ষতি হয় ? How does cabbage affect the brain?

0
476
শীতকালৰ চব্‌জিসমূহৰ মাজত বন্ধাকবিও অন্যতম৷ সকলোতে লগ লগাই বন্ধাকবি খাব পাৰি৷ বন্ধাকবিৰ কেঁচাপাত চালাড হিচাপেও খোৱা হয়৷ মিক্সড্‌ চব্‌জিৰ বাবে এৰাব নোৱৰা এবিধ পাচলি, বন্ধাকবিৰ গুণাগুণ যথেষ্ট আছে যদিও ইয়াৰ অত্যধিক সেৱনে আমাৰ মস্তিষ্কৰ ক্ষতিসাধন কৰিব পাৰে৷ জানো আহক কিদৰে বন্ধাকবিয়ে মস্তিষ্কৰ ক্ষতিসাধন কৰিব পাৰে৷

বন্ধাকবিত ছালফোৰাফেন আৰু এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে৷ পুষ্টিবিদৰ মতে ইয়াত শৰ্কৰা, ফাইবাৰ, চৰ্বি, থায়ামিন, ৰিবোফ্লেভিন, নিয়াছিন, ভিটামিন-B6 পোৱা যায়৷
ইয়াৰ উপৰি বন্ধাকবিত পেনটোথেনিক এচিড, ফোলেট, ভিটামিন-C, ভিটামিন-K, কেলচিয়াম, আইৰন, মেগনেচিয়াম, মেংগানিজ, ফচফৰাছ, পটাচিয়াম, ছডিয়াম, জিংক, ফ্লৰাইড আদি প্ৰভৃতি উপাদান থাকে৷

Beware! These vegetables can cause deadly brain worms! | The Times of India


ইমান পু্‌ষ্টিগুণেৰে ভৰা বন্ধাকবিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷
কেলচিয়াম, ফচফৰাছ থকা হেতু হাড় মজবুত কৰাৰ লগতে হাড়ৰ বিভিন্ন সমস্যা নিৰ্মূল কৰাত সহায় কৰে৷
কিন্তু গৱেষণাৰ পৰা জনা গৈছে যে বন্ধাকবি খালে মস্তিষ্কৰ ক্ষতি হ’ব পাৰে৷ কিয়নো বন্ধাকবিত ফিতাপেলুৱে বাস কৰে৷ এই ফিতাপেলু বন্ধাকবিৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰি মস্তিষ্কলৈ যাব পাৰে৷ এই ফিতাপেলুৰ মাধ্যমেৰে টেনাইছিছ সংক্ৰমণ হয়৷ ফিতাপেলুৰ প্ৰৱেশে শৰীৰৰ মাৰাত্মক ৰোগৰ সৃষ্টি কৰি মৃত্যুপৰ্যন্ত হোৱাৰ আশংকা বঢ়াই দিয়ে৷
বিভিন্ন গৱেষণা অনুসৰি বন্ধাকবি কেঁচাই চালাড কৰি খোৱাৰ ফলত ফিতাপেলুৰ সংক্ৰমণৰ অন্যতম কাৰণ হ’ব পাৰে৷ সেয়েহে পৰাপক্ষত বন্ধাকবি কেঁচাই খোৱাৰ পৰিৱৰ্তে গৰম পানীত ভালদৰে ধুই সিজাই খোৱা উচিত৷ এনেদৰে খালে পাতত থকা জীৱাণু ধবংস হোৱাৰ উপৰি ফিতাপেলুৰ সংক্ৰমণ কিছু হ’লেও কমাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here