জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব

0
347

ৰাজ্যখনক ভয়াৱহ বানে জুৰুলা কৰাৰ পাছতে এইবাৰ আকৌ ভূতৰ ওপৰত দানহ পৰাদি জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে৷  এতিয়ালৈকে জে ইত ৪৮ গৰাকী আক্ৰান্ত হৈছে আৰু ৬ গৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ ৰাজ্যৰ কেইবাখনো জিলাত জে ই-এ জটিল ৰূপ ধাৰণ কৰিছে৷ বিশেষকৈ নগাঁও জিলাত এই ৰোগে ভয়াৱহ ৰূপ লৈছে৷ এইপৰ্যন্ত নগাঁও জিলাত জে ইত তিনিজনে প্ৰাণ হেৰুৱাইছে৷ সেয়েহে জাপানীজ এনকেফেলাইটিছ ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্য চৰকাৰে কিছু নীতি জাৰি কৰিছে৷ জে ই প্ৰতিৰোধ কৰিবলৈ সজাগ আৰু সচেতন হ’বলৈ কিছু নিয়ম-নীতি অৱলম্বন কৰাটো অত্যন্ত জৰুৰী৷ সাধাৰণতে বগলী বা কণামুচৰি হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ মুখ্য বাহক৷ আনহাতে গাহৰি এই ভাইৰাছৰ সম্প্ৰসাৰক হিচাপে গণ্য কৰা হয়৷ যি মহক সংক্ৰমিত কৰা উচ্চ ভাইৰেল লোড উৎপন্ন কৰে৷  সেয়েহে জাপানীজ এলকেফেলাইটছৰ পৰা নিজক তথা পৰিয়ালৰ কিদৰে সুৰক্ষিত কৰি ৰাখিব জানো আহক৷ 
মহৰ কামোৰৰ পৰা নিজকে সুৰক্ষা প্ৰদান কৰক৷
সন্ধিয়া বা পুৱা পানী জমা হোৱা ঠাই বা এলেকালৈ যোৱা পৰিহাৰ কৰক৷ কিয়নো এই সময়ত মহবোৰ অধিক সক্ৰিয় হয়৷
শোৱাৰ সময়ত সদায় আঁঠুৱা তৰি শোৱক৷
সন্ধিয়া বা পুৱা ভাগত পাতল ৰঙৰ, দীঘল হাতৰ কাপোৰ পৰিধান কৰক৷
সন্ধিয়া সময়ত মহ প্ৰতিৰোধ কৰিবলৈ কীটনাশক, ধূপ-ধূনা জ্বলাওক৷
আপোনাৰ চাৰিওফাল সদায় পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখক৷ যিহেতু লেতেৰা ঠাইত মহে কণী পাৰে৷ গতিকে ঘৰৰ চৌপাশে কোনোধৰণৰ লেতেৰা বস্তু জমা হ’বলৈ নিদিব৷
পানী ওলাই যোৱা নলাবোৰ চাফা কৰি ৰাখিব, যাতে ঘৰৰ চৌহদত পানী জমা হ’ব নোৱাৰে৷
পেলনীয়া পাত্ৰ, অব্যৱহৃত টায়াৰ, টাব, ফুলনি বাৰী আদিত পানী জমা হ’বলৈ নিদিব, কিয়নো এইবোৰ হ’ল মহে কণী পৰাৰ উত্তম ঠাই৷
আপুনি যদি গাহৰি পালন কৰে, তেন্তে ঘৰৰ পৰা অতিকমেও ১০০ মিটাৰ আঁতৰত গাহৰি প্ৰতিপালন কৰক৷
গাহৰিৰ গঁৰাল জাল বা আঁঠুৱাৰে ঢাকি দিয়াৰ ব্যৱস্থা কৰক৷
নিয়মীয়া ব্যৱধানত গাহৰিৰ টিকাকৰণৰ ব্যৱস্থা কৰক৷
মনত ৰাখিব আপোনাৰ সাৱধানতা আৰু সজাগতাই জে ই নিৰ্মূলত মুখ্য ভূমিকা পালন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here