পচনযোগ্য জাবৰৰ পৰা কেঁচুসাৰ উৎপাদনৰ ব্যৱস্থা

0
243
যোৰহাটৰ বাবে এই মুহূৰ্তত জাবৰে ভয়ংকৰ সমস্যা হিচাপে দেখা দিছে৷ নগৰখনত জাবৰৰ পৰিমাণ ইমানেই বৃদ্ধি পাবলৈ ধৰিছে যে ক্ৰমবৰ্ধমান জাবৰে যোৰহাট পৌৰসভাকে নহয়, জিলা প্ৰশাসনকো পানী খুৱাই দিছে৷ যোৰহাট পৌৰসভাৰ জাৱৰ নিষ্কাশনৰ বাবে কোনো স্পষ্ট পদ্ধতি নথকাত এক বৃহৎ অঞ্চলত এই জাবৰে সৃষ্টি কৰিছে ভয়ানক প্ৰদূষণ৷ 
সেয়েহে এইবাৰ জাবৰৰ এই ভয়ংকৰ সমস্যাটো সমাধান কৰিবলৈ আগবাঢ়ি আহিছে যোৰহাট জিলা প্ৰশাসন৷ যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কয় যে জাবৰৰ সমস্যাটো সমাধানৰ বাবে এক অভিনৱ পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ উপায়ুক্তজনে কয় যে নগৰখনৰ বাবে এতিয়া অভিশাপ হৈ দেখা দিছে পচন হোৱা পেলনীয়া সামগ্ৰীসমূহ৷ 
সেয়েহে তেওঁলোকে এই অভিশাপক আশীৰ্বাদলৈ ৰূপান্তৰিত কৰিবৰ বাবে এই পচনযোগ্য জাবৰৰ পৰা কেঁচুসাৰ উৎপাদনৰ ব্যৱস্থা কৰিব৷ সেই অনুসৰি নগৰখনৰ প্ৰত্যেক ঘৰতে প্ৰশাসনৰ তৰফৰ পৰা এটা বিশেষ কণ্টেইনাৰ প্ৰদান কৰা হ’ব আৰু এই কণ্টেইনাৰত কেঁচু মেলি দিয়া হ’ব৷ মানুহৰ ঘৰত শাক-পাচলিৰ বাকলিকে ধৰি যিবোৰ পচন হোৱা জাবৰ ওলাব, সেইবোৰ এই কণ্টেইনাৰত জমা ৰাখিব লাগিব আৰু ইয়াৰ পৰাই কেঁচুসাৰ উৎপাদন হ’ব৷ 
অনুৰূপ ধৰণে এন কণ্টেইনাৰ বজাৰবিলাকতো দিয়া হ’ব৷ উপায়ুক্তজনে কয় যে পচন নোহোৱা জাবৰবোৰ বিশেষ সমস্যাৰ কাৰণ নহয় আৰু সেইবোৰ আগৰ দৰেই পৌৰসভাই মানুহৰ ঘৰৰ পৰা সংগ্ৰহ কৰি থাকিব৷ এমাহৰ ভিতৰত আৰম্ভ হ’ব লগা এই বিশেষ পৰিকল্পনাই যোৰহাটত জাবৰৰ সমস্যাটো বহু পৰিমাণে সমাধান কৰিব বুলি প্ৰশাসন আশাবাদী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here