মুকলিকৈ মাছ-মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ

0
337

ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত বহু ঠাইত এতিয়াও উন্মুক্তভাৱে মুকলিকৈয়ে মাছ-মাংস বিক্ৰী কৰিব অহা পৰিলক্ষিত হৈছে৷ বহু সময়ত মুকলিভাৱে মাছ-মাংস বিক্ৰীৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হয় যদিও পাছত সকলো ফুটুকাৰ ফেন হৈ পৰে৷ বহু মাছ, মাংসৰ ব্যৱসায়িক প্ৰতিষ্ঠানে এনেদৰে মুকলিকৈ বিক্ৰী কৰাৰ ফলত বিভিন্ন বীজাণুৰ দ্বাৰা সংক্ৰমিত হৈছে জনসাধাৰণ৷
সেয়েহে এইবাৰ মহানগৰত কাঠফুলাৰ দৰে গঢ়ি উঠা মাংসৰ দোকানৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম৷ পৌৰ নিগমৰ নিয়ম উলংঘা কৰা ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰাৰ দৰে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জি এম ডিয়ে৷ এই কথা জানিবলৈ দি পৌৰ আয়ুক্ত দেৱাশিস শৰ্মাই কয় যে গুৱাহাটীৰ পৰিৱেশ বিনষ্ট হ’ব পৰা কোনো কামেই কৰিবলৈ দিয়া নহয়৷ 
তেওঁ জানিবলৈ দিয়ে বহু মাংস ব্যৱসায়ীয়ে পুৱাৰ পৰা ৰাতিলৈ মুকলিভাৱে মাছ-মাংস বিক্ৰী কৰে৷ ইয়াৰ ফলত পৰিৱেশ কদৰ্য হোৱাৰ লগতে এনে মাছ-মাংস গ্ৰহণ কৰি বিভিন্ন ৰোগত আক্ৰান্ত হ’বলগীয়া হয়৷ সেয়েহে এইদৰে মুকলিভাৱে মাছ-মাংসৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে পৌৰ আয়ুক্তদনে৷ ইয়াৰ অন্যথা শাস্তিৰ সন্মুখীন হ’ব নিয়ম উলংঘা কৰা ব্যৱসায়িক প্ৰতিষ্ঠানে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here