জানো আহক তিয়ঁহৰ ৰসৰ আচৰিত গুণ

0
453

গৰমৰ পৰা সকাহ পাবলৈ বহুতেই গ্ৰীষ্মকলত তিয়ঁহ যথেষ্ট পৰিমাণে খোৱা দেখা যায়৷ গ্ৰীষ্মকালত খাদ্য তালিকাত তিয়ঁহ ৰখাটো বহুতেই পচন্দ কৰে৷ তিয়ঁহ যে অকল খাদ্য হিচাপে বনাই খাই তেনে নহয়, ইয়াক কেঁচা চালাড হিচাপেও খোৱা দেখা যায়৷ তিয়ঁহত প্ৰচুৰ পৰিমাণে পানী থকা বাবে আমাৰ শৰীৰৰ পানীৰ পৰিমাণ সমতুল কৰি ৰাখে৷ ইয়াৰ বাহিৰেও তিয়ঁহ আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী৷
তিয়ঁহত বিভিন্ন ভিটামিন আৰু খনিজ উপাদান থকাৰ উপৰি ই শৰীৰক বিষমুক্ত কৰি ৰাখে৷ তিয়ঁহৰ ৰস সেৱনে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে৷
তিয়ঁহৰ ৰসত মেগনেচিয়াম যথেষ্ট পোৱা যায়, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে৷ আনহাতে মেগনেচিয়ামে চাপ হ্ৰাস কৰাৰ লগতে ভাল টোপনি অহাত সহায় কৰে৷
তিয়ঁহত ভিটামিন-কে আৰু ছিলিকা পোৱা যায়৷ সেয়েহে স্বাস্থ্য সুস্থ ৰখাৰ লগতে তিয়ঁহ ছালৰ বাবে উপকাৰী৷ ইয়াৰ বাহিৰেও তিয়ঁহৰ ৰসত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে প্ৰদাহ হ্ৰাস কৰে৷
তিয়ঁহৰ ৰসত চকুৰ বাবে অত্যন্ত লাগতিয়াল এক উপাদান৷ ইয়াৰ ৰসে চকু শীতল কৰি ৰাখে৷ তিয়ঁহত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-এয়ে চকুৰ ৰেটিনাত অক্সিডেটিভ চাপ হ্ৰাস কৰিব পাৰে, যাৰ ফলত দৃষ্টিশক্তি বৃদ্ধি পায়৷
পেটৰ বিভিন্ন সমস্যা যেনে– গেছ, এচিডিটি, বুকু জ্বলা-পোৰা কৰা, পেট ফুলা আদিত তিয়ঁহৰ ৰস সেৱন কৰিলে লগতে সকাহ পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here