গুৱাহাটীত ৬ কোটি টকাৰ হেৰ’ইন জব্দ

0
349

ৰাজ্যজুৰি ড্ৰাগ্‌ছ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতেই ৬ কোটি টকা মূল্যৰ হেৰ’ইন গুৱাহাটী মহানগৰীত জব্দ হৈছে৷ গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলা এটা অভিযানত গড়চুক, বৰাগাঁও অঞ্চলত এই বৃহৎ পৰিমাণৰ চোৰাং ড্ৰাগ্‌ছ জব্দ হয়৷ 
মুঠ ৫০টা পেকেটত এই নিচাযুক্ত সামগ্ৰীসমূহ উদ্ধাৰ কৰা বুলি যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰিছে৷  ঘটনা সন্দৰ্ভত খাইৰুল জামান আৰু ছফিকুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে৷ 
খাইৰুল জামানৰ ঘৰ তামুলপুৰত আৰু ছফিকুল হুছেইনৰ ঘৰ বিজনীত৷ আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰা অনুসৰি, দুটা অভিযানত এই সামগ্ৰীসমূহ জব্দ কৰা হয়৷ প্ৰথমটো অভিযানত এখন অল্ট’ বাহনৰ পৰা ৩৪ পেকেট হেৰ’ইন জব্দ কৰাৰ পাছত ধৃত সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত দ্বিতীয়টো অভিযান চলাই ১৬টা পেকেটত হেৰ’ইন জব্দ কৰা হয়৷ 
আৰক্ষীৰ কঠোৰ অভিযানৰ মাজতো এনেকৈ ড্ৰাগ্‌ছ চোৰাংকৈ সৰবৰাহ হৈ থকাত এই ব্যৱসায়টোত বৃহৎ দুষ্ট চক্ৰ জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ দুষ্ট চক্ৰৰ তথ্য উলিয়াবৰ বাবে আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে৷ 
ইফালে গুৱাহাটীৰ আই এছ বি টিতো আৰক্ষীয়ে অভিযান চলাই আজি ৯ লাখ নকল নোট জব্দ কৰে৷ গুৱাহাটীৰ পৰা তুৰালৈ এই নকল নোট সৰবৰাহ কৰিবলৈ লওঁতেই আৰক্ষীয়ে এটা সৰবৰাহকাৰীক আটক কৰে৷ ৩ লাখ টকাৰ বিনিময়ত সৰবৰাহকাৰীটোৱে কোনো লোকৰ পৰা এই নকল নোটসমূহ ক্ৰয় কৰিছিল৷ নকল নোট যোগান ঘৰা চক্ৰটোক আটক কৰাৰ বাবে ধৃত সৰবৰাহকাৰীক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here