জানেনে ? ২০২২ চনত সৌৰ জগতৰ বাহিৰত কিমান গ্ৰহ আৱিষ্কাৰ হ’ল

0
137

মানুহ জীয়াই থাকিব পৰা সম্পদ থকা পৃথিৱীৰ নিচিনা আন এখন পৃথিৱী বা জগতৰ সন্ধানত বিজ্ঞানীসকল সদায় ৰত হৈ আছে৷ সমগ্ৰ বিশ্বৰ জ্যোতিৰ্বিজ্ঞানীসকলে আমাৰ সৌৰ জগতৰ বাহিৰত অনেক অনন্য বিশ্বৰ সন্ধান কৰি আছে য’ত ভৱিষ্যতে মানৱ জাতিয়ে ভৰি দিবগৈ পাৰে৷ সেই ক্ষেত্ৰত ২০২২ বৰ্ষটো আছিল এটা বিৰাট সফলতাৰ বছৰ৷ কাৰণ শেষ হ’বলগীয়া বছৰটোত সমগ্ৰ বিশ্বৰ জ্যোতিৰ্বিজ্ঞানীসকলে আমাৰ সৌৰ জগতৰ বাহিৰত ২০০ৰো অধিক গ্ৰহৰ সন্ধান পায় আৰু সেইবোৰৰ কিছুমান জে’ম্‌ছ ৱেব্‌ স্পেচ টেলিস্কোপ আৰু আন টেলিস্কোপে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে৷ বছৰটোৰ আৰম্ভণিতে আমাৰ সৌৰ জগতৰ বাহিৰত থকা গ্ৰহৰ তালিকাত ৫০০০তকৈ কম গ্ৰহ আছিল৷ কিন্তু বছৰটোৱে বিদায় লোৱাৰ পৰলৈ হৈছেগৈ ৫২৩৫টা৷  জ্যোতিৰ্বিজ্ঞানীসকলে সন্ধান পোৱা দুই শতাধিক গ্ৰহৰ প্ৰায় ৪শতাংশ পৃথিৱী বা মঙলৰ দৰে কঠিন বা শিলাময়৷ ২০২২ চনত আৱিষ্কাৰ কৰা শেহতীয়া গ্ৰহটোৰ  নাম দিয়া হৈছে ১০৯৮৩৩বি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here