২০২৩ চনত বিশ্ব অৰ্থনীতিত মন্দাৰ আশংকা : কোনে ক’লে ?

0
268

ইংলেণ্ডৰ চেণ্টাৰ ফৰ ইকনমিক্‌ছ এণ্ড বিজনেছ ৰিছাৰ্ছে কয় যে ২০২৩ চনত বিশ্বত মন্দাই দেখা দিয়াৰ আশংকা আছে৷ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ লক্ষ্যৰে বিভিন্ন দেশে লোৱা ঋণৰ সুতৰ উচ্চ হাৰৰ বাবে সেই দেশবোৰৰ অৰ্থনীতিত প্ৰভাৱ পৰিছে৷ ২০২২ চনত প্ৰথমবাৰৰ বাবে বিশ্ব অৰ্থনীতিৰ আকাৰ ১০০ ত্ৰিলিয়ন ডলাৰতকৈও বেছি হয় যদিও ২০২৩ চনত অৰ্থনীতি মন্থৰ হ’ব৷ কাৰণ নীতি নিৰ্ধাৰণকৰ্তাসকলে উচ্চ দাম বৃদ্ধিৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলগীয়া হৈছে৷ ব্ৰিটিছ কনছালটেঞ্চি প্ৰতিষ্ঠানটোৱে ইয়াৰ বাৰ্ষিক ৱৰ্ল্ড ইকনমিক লীগ টেব্‌লত কয় যে উচ্চ মুদ্ৰাস্ফীতিৰ কাৰণে সুতৰ হাৰ বৃদ্ধি পোৱাৰ ফলত অহা বছৰ বিশ্ব অৰ্থনীতিত মন্দাই দেখা দিব পাৰে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজত এতিয়ালৈকে জয়লাভ কৰিব পৰা হোৱা নাই৷ উল্লেখ্য যে অক্টোবৰত চি ই আৰ বিয়ে সকীয়াই দিছিল যে বিশ্বৰ অৰ্থনীতি এক তৃতীয়াংশতকৈও বেছি সংকুচিত হ’ব আৰু ২০২৩ চনত আন্তঃৰাষ্ট্ৰীয় জি ডি পিৰ বিকাশ ২ শতাংশতকৈও কমাৰ ২৫ শতাংশ সম্ভাৱনা আছে যাক আন্তঃৰাষ্ট্ৰীয় মন্দাৰ ইংগিত বুলিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here