নাগৰিকলৈ বৃহৎ প্ৰত্যাহ্বানদ্ৰুতগতিত বাঢ়িছে বাহনৰ সংখ্যা

0
141

গুৱাহাটী মহানগৰৰ জনসংখ্যা বৃদ্ধি আৰু তাৰ লগতে যান-বাহনৰ সংখ্যাৰ বৃদ্ধিয়ে গুৱাহাটীৰ বৰ্তমানৰ এই যান-জঁটৰ সমস্যাক অনাগত দিনত অধিক ভয়াৱহ কৰি তুলিব৷ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে গুৱাহাটীত চলোৱা এক সমীক্ষা অনুযায়ী মহানগৰৰ ৰাজপথত চলাচল কৰা ব্যক্তিগত বাহনৰ পৰা আৰম্ভ কৰি ৰাজহুৱা বাহনৰ সংখ্যা অনাগত সময়ত অভূতপূৰ্বভাৱে বৃদ্ধি পাব৷ প্ৰাধিকৰণৰ সমীক্ষাত প্ৰকাশ কৰা মতে, ২০০৪ চনত গুৱাহাটীৰ ৰাজপথত প্ৰতিদিনে চলাচল কৰা ১০,৯৪৯খন দুচকীয়া বাহনৰ সংখ্যা ২০২৫ চনত ৬০,২১৯ খনলৈ বৃদ্ধি হ’ব৷ ঠিক সেইদৰে ২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ৩,৯৩৯খন অট’ৰ সংখ্যা ২০২৫ চনত ১৪,৯৫৭ খনলৈ বৃদ্ধি হ’ব৷ ২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ১৫,৪৭৫ খন ব্যক্তিগত কাৰৰ সংখ্যা ২০২৫ চনত ৬৬,৯৪২ খনলৈ বৃদ্ধি হ’ব৷ 
২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ১,৬০৮ খন চিটি বাছৰ সংখ্যা ২০২৫ চনত ২,০১৩ খনলৈ বৃদ্ধি পাব৷ ২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ১১,৯৬৭ খন সামগ্ৰী কঢ়িওৱা বাহনৰ সংখ্যা ২০২৫ চনত ৩৮,৭৬৪ খনলৈ বৃদ্ধি হ’ব৷ প্ৰাধিকৰণৰ সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি মহানগৰৰ ভিতৰত ১৮.২ শতাংশ মানুহে খোজকাঢ়ি, ৪৪.৫ শতাংশ মানুহে ব্যক্তিগত বাহনত, ৩০.২ শতাংশ মানুহে বাছত আৰু ৬.৭ শতাংশ মানুহে চাইকেল আদি অন্যান্য বাহনেৰে যাতায়াত কৰে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰত দৈনিক প্ৰায় ১০-১২ লাখ যান-বাহন চলাচল কৰে৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বহিঃৰাজ্যৰ পৰা অহা যথেষ্টসংখ্যক বাহন চলাচল কৰে৷ গতিকে গাড়ীৰ সংখ্যা বৃদ্ধিৰ বাবেই যান-জঁটৰ পৰিমাণো বৃদ্ধি পাইছে৷ চৰকাৰখনে এই সমস্যাৰ প্ৰতি প্ৰকৃত অৰ্থত কেতিয়া গুৰুত্ব দিব সেইটোহে এতিয়া চিন্তাৰ বিষয়বস্তু হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here