জানেনে ? বিশ্বৰ আটাইতকৈ ওখ পৰিয়ালটো ক’ৰ ?

0
211

গীনিজ ৱল্ডৰ্ ৰেকৰ্ডছে নিশ্চিত কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনেছ’টাৰ এটা পৰিয়াল হৈছে বিশ্বৰ আটাইতকৈ ওখ পৰিয়াল৷ স্কট, ক্ৰিছি, ছাভান্না, মলি আৰু আদমৰ পাঁচজনীয়া ট্ৰেপ পৰিয়ালৰ গড. উচ্ছতা হৈছে ২০৩.২৯ চেণ্টিমিটাৰ [৬ ফুট ৮.০৩ ইঞ্চি]৷
গীনিজৰ সংবাদদাতা এলিচিয়েমেৰি ৰড্ৰিগুৱেজৰ মতে মিনেছ’য়াৰ এছকোৰ সেই পৰিয়ালটোৰ কনিষ্ঠ সদস্য, ২২ বছৰীয়া আদম ট্ৰেপৰ উচ্চতা হৈছে ২২১.৭১ চেণ্টিমিটাৰ [৭ ফুট ৩ ইঞ্চি]৷ 
তেওঁৰ পাছতে পৰিয়ালটোৰ ভিতৰত ওখ হৈছে ছাভান্না ট্ৰেপ-েব্লঞ্চফিল্ড৷ ২৭ বছৰীয়া ছাভান্নাৰ উচ্চতা হৈছে ২০৩.৬ চেণ্টিমিটাৰ [৬ ফুট ৮ ইঞ্চি]৷ তেওঁলোকৰ ভগ্নী ২৪ বছৰীয়া মলি ষ্টীডৰ উচ্চতা হৈছে ১৯৭.২৬ চেণ্টিমিটাৰ [৬ ফুট ৬ ইঞ্চি]৷
তেওঁলোকৰ মাক ক্ৰিছি হৈছে ট্ৰেপ পৰিয়ালৰ আটাইতকৈ চাপৰ সদস্য; তেওঁৰ উচ্চতা হৈছে ১৯১.২ চেণ্টিমিটাৰ [৬ ফুট ৩ ইঞ্চি]৷ আনহাতে দেউতাক স্কটৰ উচ্চতা হৈছে ২০২৭ চেণ্টিমিটাৰ [৬ ফুট ৮ ইঞ্চি]৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here