দেশৰ প্ৰথমটো গ্ৰীন হাইড্ৰ’জেন প্ৰকল্প স্থাপন ঃ ক’ত?

0
481

দেশৰ দ্বিতীয় সৰ্ববৃহৎ তেল অনুসন্ধান আৰু উৎপাদনকাৰী প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে দেশৰ প্ৰথমটো গ্ৰীন হাইড্ৰ’জেন পাইলট প্ৰকল্প যোৰহাটৰ চাৰিগাঁও অইল পাম্পিং ষ্টেছনত আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে৷ 
মাত্ৰ তিনি মাহৰ ভিতৰত সাজু কৰি উলিওৱা আৰু ৯৯.৯৯৯ শতাংশ বিশুদ্ধ হাইড্ৰ’জেন উৎপাদন কৰিব লগা  এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে মুকলি কৰে অইল ইণ্ডিয়াৰ চেয়াৰমেন এণ্ড মেনেজিং ডাইৰেক্টৰ সুশীল চন্দ্ৰ মিশ্ৰই৷ 
উল্লেখ্য যে সৌৰশক্তিৰ সহায়ত চলিব লগা এই প্ৰকল্পটোৰ দৈনিক উৎপাদন ক্ষমতা হ’ল ১০ কেজি৷ অনাগত দিনত প্ৰতিদিনে ৩০ কেজি হাইড্ৰ’জেন উৎপাদনৰ লক্ষ্য লোৱা হৈছে৷ প্ৰদূষণমুক্ত শক্তি উৎপাদন আৰু শক্তিৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল ভাৰতৰ দিশত অইল ইণ্ডিয়া লিমিটেডৰ এয়া অন্যতম বৃহৎ পদক্ষেপ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here