আপোনাৰ হাত-ভৰি ফুলিছে নেকি? তেন্তে সাৱধান হওক

0
663

কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ হঠাতে আমাৰ হাত-ভৰিবোৰ ফুলিবলৈ আৰম্ভ কৰে৷ ইয়াৰ সমান্তৰালকৈ প্ৰচণ্ড বিষো অনুভৱ হয়৷ তেনে অৱস্থাত আপুনি সাৱধান হোৱা উচিত৷ কিয়নো আপোনাৰ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পাইছে৷দুৰ্বল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে উদ্ভৱ হোৱা ৰোগবোৰতো ইউৰিক এচিড অন্তৰ্ভুক্ত হৈ থাকে৷ স্বাস্থ্য বিশেষজ্ঞসকলে কোৱা মতে ইউৰিক এচিড শৰীৰৰ তেজৰ জৰিয়তে শৰীৰৰ পৰা প্ৰস্থান কৰে৷ কিছুমান ক্ষেত্ৰত যদি ইউৰিক এচিড শৰীৰৰ পৰা ওলাই আহিবনোৱাৰে, তেন্তে শৰীৰত ইয়াৰ পৰিমাণ অত্যধিক হোৱাৰ ফলত মানুহে বহুতো সমস্যাৰ সন্মুখীন হ’বলগা হয়৷
ইউৰিক এচিড হৈছে তেজত পোৱা এবিধ ৰাসায়নিক পদাৰ্থ৷ যেতিয়া শৰীৰত প্ৰুৰিন নামৰ পদাৰ্থ এটা ভাঙি যায়, তেতিয়া ইয়াৰ সৃষ্টি হয়৷ শৰীৰত উৎপন্ন হোৱা বেছিভাগ ইউৰিক এচিড তেজত দ্ৰৱীভূত হয় আৰু বৃক্কৰ জৰিয়তে নিষ্কাষিত হয়৷ যেতিয়া ইউৰিক এচিড শৰীৰৰ পৰা ওলাই আহিব নোৱাৰে, তেতিয়া আথ্ৰাৰ্ইটিছ, গাঁঠিৰ বিষ, হাত-ভৰি ফুলা আদি সমস্যাই দেখা দিয়ে৷
ইউৰিক এচিড কাৰ্বন, হাইড্ৰজেন, অক্সিজেন আৰু নাইট্ৰজেনৰ দৰে উপাদানেৰে গঠিত৷ ইয়াক শৰীৰে প্ৰ’টিনৰ পৰা এমিন’ এচিডৰ ৰূপত গ্ৰহণ কৰে৷ ইউৰিয়া ইউৰিক এচিডলৈ ৰূপান্তৰিত হয় আৰু হাড়ৰ ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত বিষৰ দৰে সমস্যাৰ সৃষ্টি হয়, যি হৈছে একপ্ৰকাৰৰ আথ্ৰাৰ্ইটিছ৷ এই সমস্যাৰ বাবে গাঁঠিবোৰত বিষ হোৱাৰ দৰে সমস্যাই দেখা দিয়ে৷ বিশেষজ্ঞসকলে কৈছে যে আৰম্ভণিতে ইউৰিক এচিডৰ বৃদ্ধি হোৱা ধৰা নপৰে৷ বেছিভাগ মানুহে ইউৰিক এচিড বেছি হোৱা কেনেদৰে চিনাক্ত কৰিব লাগে, সেই বিষয়েও অৱগত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here