জানেনে কোনবিধ ফল কোন সময়ত খোৱা উচিত ?

0
498


দেখাত আকৰ্ষণীয়, ৰঙীন তথা অতি সুস্বাদু ফলবোৰৰ নিজৰ বিশেষত্ব তথা গুণাগুণ আছে৷ কিছুমান ফল যদি চকুৰ কাৰণে উপকাৰী, আন কিছুমান আকৌ ছাল-চুলিৰ বাবে উপকাৰী৷ মুঠতে প্ৰতিটো ফল-মূলত যথেষ্ট পুষ্টিগুণ পোৱা যায়৷ আনহাতে ফলক লৈ মানুহৰ মাজত এটা প্ৰচলিত আছে যে কোনবিধ ফল কি সময়ত খোৱা উচিত৷ নাইবা ফল-মূল খোৱাৰ কোনো নিৰ্দিষ্ট সময় আছে নেকি? কথাটো কিন্তু অমূলক নহয়৷ স্বাস্থ্য ৰক্ষাৰ বাবে উপকাৰী ফলৰ খোৱাৰ এক নিৰ্দিষ্ট সময় আছে আৰু সময়মতে ফল খালে যথেষ্ট উপকাৰ পোৱা যায়৷ জানো আহক কোনবোৰ ফল কোন সময়ত খাব লাগে৷
ৰাতিপুৱাৰ ব্ৰেকফাষ্ট হৈছে আপেল খোৱাৰ সঠিক সময়৷ এই সময়ত আপেল খালে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত হয়৷ আনহাতে আপেলত থকা এণ্টিঅক্সিডেণ্ট চকু আৰু ছালৰ বাবে যথেষ্ট উপকাৰী৷
পুৱাৰ ভাগত দহ বজাৰ পাছত কমলা আৰু আঙুৰ খোৱা ভাল৷ কিয়নো ব্ৰেকফাষ্টত কমলা আৰু আঙুৰ খালে শৰীৰে সহজে হজম কৰিব নোৱাৰে৷ আনহাতে ৰাতি কমলা কেতিয়াও খাব নালাগে৷ নহ’লে বদহজমৰ সমস্যাই দেখা দিব পাৰে৷
দিনৰ ভাগত কল খোৱা ভাল৷ কল খাওঁতে যদি অলপ নিমখ সানি খায়, তেন্তে শৰীৰে হজম কৰাত সহায় হয়৷
আনহাতে সন্ধিয়া সময়ত বেদনা বা আঙুৰ খাব পাৰে৷ ভিটামিন-চিৰে সমৃদ্ধ আঙুৰে চুলিৰ বাবে ভাল৷ এইবোৰ ফল ফাইবাৰ, কেলচিয়াম, আইৰন আদিৰে সমৃদ্ধ হোৱা হেতু হৰমনৰ বিভিন্ন সমস্যাৰ পৰা সকাহ দিয়ে৷
ৰাতি শোৱাৰ সময়ত কিউ খালে টোপনি উন্নত হোৱাৰ সহায় কৰে৷ ইয়াত ছেৰোটনিন তথা এণ্টিঅক্সিডেণ্ট থাকে বাবে শৰীৰৰ বিভিন্ন সমস্যা সমাধানত সহায় কৰে৷
আতলচ ফলে শৰীৰৰ হজম শক্তি বৃদ্ধি কৰে, পেটৰ বিভিন্ন সমস্যা কৰে আতলচে৷ এই ফলবিধ ব্ৰেকফাষ্ট খোৱা উচিত৷ এইবিধ ফল খালে শৰীৰে প্ৰচুৰ পৰিমাণে ফাইবাৰ, কেলচিয়াম, মাইক্ৰ’নিউট্ৰিয়েণ্ট আদি উপাদান লাভ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here