কৃত্ৰিম বায়’নিক হাত উদ্ভাৱনেৰেতেজপুৰ বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰৰ চমক

0
109


তেজপুপৰ বিশ্ববিদ্যালয়ৰ দুজন মেধাৱী ছাত্ৰই অত্যাধুনিক কৃত্ৰিম বায়’নিক হাতৰ যুগান্তকাৰী উদ্ভাৱনৰ জৰিয়তে দিব্যাংগ লোকসকলৰ জীৱনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ দীৰ্ঘদিনীয়া প্ৰচেষ্টা আৰু সাধনাৰ বলত বিশ্ববিদ্যালয়ৰ ছাত্ৰ দুজনে উদ্ভাৱন কৰি উলিওৱা বেটাৰীচালিত ৰবটিক হাতখন আশাৰ সঞ্চাৰ কৰিছে৷ আনহাতে বৰ্তমান সময়ত কৃত্ৰিম হাতৰ বাবে লক্ষাধিক টকা ব্যয় কৰিবলগীয়া হোৱাৰ সময়ত মাত্ৰ দহ হাজাৰ টকাৰ বিনিময়ত ক্ৰয় কৰিব পৰাৰ সুবিধা দিয়া এই বায়’নিক হাতখনে আশাব্যঞ্জক হিচাপে বিবেচিত হৈছে৷ উল্লেখ্য যে তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ বিজ্ঞান পৰিষগৰ উদ্যোগত উত্তৰ পূব ভিত্তিত বিজ্ঞান প্ৰকল্প প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল৷ এই প্ৰদৰ্শনীখনত তেজপুৰ বিশ্ববিদ্যালয়ৰ এম টেক চূড়ান্ত বৰ্ষৰ ছাত্ৰ ৰজ্জুল হুছেইন আৰু উত্তৰ প্ৰদেশৰ ব্ৰিজেছ চাহানীয়ে প্ৰস্তুত কৰি উলিওৱা পাহি নামৰ বিজ্ঞান প্ৰকল্পটোৱে সকলোৱে আকৰ্ষিত কৰে৷ এই সন্দৰ্ভত ছাত্ৰ দুজনে কয় যে কেইবামাহো নেৰানেপেৰা চেষ্টা তথা পৰিকল্পনাৰ জৰিয়তে এই বায়’নিক হাতখন সাজি উলিয়াবলৈ সক্ষম হৈছে৷ তেওঁলোকে ডনোৱা মতে বেটাৰীচালিত অত্যাধুনিক হাতখনৰ আঙুলিৰ মূৰত এটা অন্তৰ্নিহিত উষ্ণতা, স্পৰ্শ আৰু বল চেঞ্চৰ সন্নিৱিষ্ট কৰি এজন লোকৰ দৈনন্দিন জীৱনৰ কাৰ্যকলাপ ভালদৰে সম্পন্ন কৰিবলৈ সক্ষম হ’ব৷ বেটাৰাচালিত হাতখন চাৰ্জ কৰিলে আঠ ঘণ্টালৈকে কাৰ্যক্ষম হৈ থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here