কেঁকোৰাৰ বিশ্ব অভিলেখনাম সোমাল গীনিজ বুকত

0
198


বিগ ডেডী নামৰ এটা কেঁকোৰাই এতিয়া বিশ্বত ব্যাপক চৰ্চা লাভ কৰিছে৷ ইয়াৰ কাৰণ হ’ল এই কেঁকোৰাটোৱে বিশ্ব অভিলেখৰ সৃষ্টি কৰি গীনিজ বুক অব ৱল্ডৰ্ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে৷ এই কেঁকোৰাটোৱে দীঘল তাৰ দহ ফুট দীঘল ভৰিৰে চলা-ফিৰা কৰাৰ পাছত এতিয়া ই তাৰকাৰ দৰে হৈ পৰিছে৷ জাপানৰ এই কেঁকোৰাটোৱে ইয়াৰ দীঘল ভৰিকেইটাৰ বাবেই গীনিজ বুকত স্থান লাভ কৰে৷ অলপতে এই বিশ্ব অভিলেখ সৃষ্টি কৰা কেঁকোৰাটোৰ ফটো গীনিজ বুকে প্ৰকাশ কৰে৷ বৰ্তমান এই জাপানী কেঁকোৰাটো ব্ৰিটেইনৰ ব্লেকপুলৰ ছি লাইফত আছে৷ পেছাদাৰী মল্লযোদ্ধা বিগ ডেডী ছাৰ্লি ক্ৰেবট্ৰীৰ নামেৰে এই কেঁকোৰাটোৰ নাম বিগ ডেডী ৰখা হৈছে৷ বিগ ডেডীৰ ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ হোৱাৰ লগে লগে অনুৰাগীয়ে ইয়াক পচন্দ কৰিবলৈ লয়৷ অধিকাংশ লোকে ইমান ডাঙৰ কেঁকোৰা প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here