যৌনশক্তি বৃদ্ধিৰ উপৰি ঢেঁকীয়াৰ আৰু কি আছে উপকাৰী গুণ ? Apart from enhancing sexual health what other benefits does Dhekia offer?

0
545
আমাৰ সকলোৰে পৰিচিত এবিধ শাক হ’ল ঢেঁকীয়া৷ ঢেঁকীয়া শাক খাই ভাল নোপোৱা মানুহ খুব কমহে ওলাব৷ এইবিধ বনৰীয়া শাকৰ পৃথিৱীত প্ৰায় ১০ হাজাৰ প্ৰজাতি পোৱা যায়৷ ইয়াৰে উত্তৰ-পূৰ্বাঞ্চলত ঢেঁকীয়াৰ পাঁচবিধমানহে পোৱা যায়৷ সাধাৰণতে প্ৰ’টিন, ভিটামিন-A, ভিটামিন-B, ভিটামিন-C, ভিটামিন-E, বিটা কেৰ’টিন, এণ্টিঅক্সিডেণ্ট, আইৰন, ফচফৰাছ আদি ঢেঁকীয়াত পোৱা যায়৷ এই শাকবিধে আমাৰ শৰীৰক কেনেদৰে উপকাৰ কৰে জানো আহক৷

(১) ঢেঁকীয়া শাকত কেলচিয়াম, ফচফৰাছ আদি প্ৰচুৰ পৰিমাণে পোৱা যায় বাবে ই হাড় মজবুত কৰাত সহায় কৰে৷


(২) ঢেঁকীয়া শাক ডায়েবেটিছ ৰোগীৰ বাবে মহৌষধ হিচাপে কাম কৰে৷


(৩) যৌনশক্তি বৃদ্ধি কৰাৰ লগতে শক্তিবৰ্ধক হিচাপে ঢেঁকীয়াই উল্লেখযোগ্য কাম কৰে৷


(8) কোষ্ঠকাঠিন্যৰ সমস্যা, বদহজম আদি সমস্যা থাকিলে ঢেঁকীয়া শাক খালে সুফল পোৱা যায়৷

Traditional Assamese Food-Dhekia Bhaji (2) %


(৫) মূত্ৰনলীৰ সংক্ৰমণৰ নিৰাময়ৰ বাবে ঢেঁকীয়া শাক খালে লাভ হয়৷


(৬) ঢেঁকীয়াত পটেচিয়াম থাকে বাবে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে৷


(৭) ঢেঁকীয়া শাকত প্ৰচুৰ পৰিমাণে ভিটামিন-A পোৱা যায়, যিয়ে চকুৰ দৃষ্টিশক্তি বঢ়োৱাত সহায় কৰে৷

ঢেঁকীয়াৰ খাদ্যগুণ | NewsASN


(৮) হাঁওফাঁওত অক্সিজেনৰ প্ৰবাহ ভাল হ’বলৈ, উশাহ লোৱাৰ ক্ষেত্ৰত হোৱা কষ্ট দূৰ কৰিবলৈ ঢেঁকীয়াৰ শিপাৰ চাহ বনাই খালে ভাল ফল পোৱা যায়৷


(৯) কাঁহ, শ্বাসজনিত ৰোগ, হাঁওফাঁওৰ কৰ্কট ৰোগ আদি নিৰ্মূলৰ বাবে ঢেঁকীয়া শাকে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷

Neem Tree Boiled Stock Photos - FreeImages.com


(১০) মহিলাৰ সন্তান প্ৰসৱৰ পাছত মহিলাসকলে ঢেঁকীয়া শাক খালে মাতৃদুগ্ধ বৃদ্ধি হয়৷


(১১) লিভাৰ সুস্থ ৰাখিবলৈ, জণ্ডিচ, টিউমাৰ, ভাইৰাছজনিত ৰোগৰ পৰা হাত সাৰিবলৈ নিয়মিত ঢেঁকীয়া শাক খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here