জলবায়ু পৰিৱৰ্তনৰ বিপদাশংকাবিশ্ব ৰেংকিঙত নাম সোমাল অসমৰ

0
320


কোনো খ্যাতি, সুনাম বা খেল জগতৰ অনৱদ্য অৱদানৰ বাবে নহয়, এইবাৰ আন এক কুখ্যাতিৰ বাবে বিশ্বৰ ৰেংকিঙত স্থান লাভ কৰিবলৈ সক্ষম হ’ল অসম৷ জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা অতিমাত্ৰা প্ৰভাৱিত হোৱা বিশ্বৰ শীৰ্ষৰ ৫০খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয় আমাৰ ৰাজ্য অসমে৷ ইয়াতকৈ আৰু দুৰ্ভাগ্য তথা দুৰ্যোগপূৰ্ণ কিবা খবৰ থাকিব পাৰেনে? আমি সততে আওৰাই থকা প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশেৰে ভৰা উত্তৰ-পূৰ্বাঞ্চল তথা অসম বুলি দোহৰাৰূ কথাটোৰ সম্পূৰ্ণ বিপৰীত ছবি এখন প্ৰতিফলিত হোৱা দেখা গ’ল৷ শেহতীয়াকৈ বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ লৈ কৰা ক্ৰছ ডিপেণ্ডেন্সি ইনিচিয়েটিভৰ প্ৰতিবেদনত এই অশনি সংকেতৰ কথা প্ৰকাশ পাইছে৷ এই সমীক্ষাটো মতে মূলতঃ বনাঞ্চল ধবংস, জনসংখ্যা বৃদ্ধি, ঔদ্যোগিক অঞ্চলৰ সম্প্ৰসাৰণ, কল-কাৰখানাৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি, গাড়ী, মটৰৰ সংখ্যা দ্ৰুততৰ বৃদ্ধি আদি কেইবাটাও কাৰণৰ বাবে ৰাজ্যৰ জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱ পৰিলক্ষিত হৈ আহিছে বুলি প্ৰকাশ৷ আনহাতে ভাৰতৰ আন ১৩খন ৰাজ্যৰ সৈতে এই তালিকাত অসমে স্থান লাভ কৰা কাৰ্যই জলবায়ু পৰিৱৰ্তনৰ ফলত ভৱিষ্যতে ৰাজ্যবাসীয়ে সন্মুখীন হ’বলগীয়া আন আন ভয়াৱহ পৰিস্থিতিৰ ইংগিত বহন কৰিছে৷ ক্ৰছ ডিপেণ্ডেন্সি ইনিচিয়েটিভৰ প্ৰতিবেদন অনুসৰি জলবায়ু পৰিৱৰ্তনৰ ফলত ভৱিষ্যতে অসমসহ দেশৰ আন ৰাজ্যকেইখনে প্ৰলয়ংকৰী বানপানীৰ কবলত পৰিব৷ আনহতে আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ, উদ্যোগ, চহৰ আৰু নগৰ অঞ্চলৰ বিকাশ আদিৰ বাবে বতৰ পৰিৱৰ্তন তথা জলবায়ুলৈ প্ৰত্যাহবান কঢ়িয়াই আনিব৷ ইয়াৰ ফলত অনগাত দিনত অসম তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here