ৰহস্যজনক ৰোগ ধৰা পৰিছে মধ্য আফ্ৰিকাৰ দেশত !

0
336


পৃথিৱীত নিতৌ নতুন নতুন ভাইৰাছৰ সৃষ্টি হৈ আছে আৰু সেইবোৰে মাৰাত্মক ৰোগৰ সৃষ্টি কৰি আহিছে৷ এইবাৰ এবিধ ৰহস্যজনক ৰোগে ছানি ধৰিছে মধ্য আফ্ৰিকাৰ দেশ ইকুৱেটৰিয়েল গিনিক৷ দেশখনত এই ৰহস্যজনক ৰোগত আঠজন লোকৰ প্ৰাণ হানি হৈছে৷ আনহাতে এই ৰোগত সংক্ৰমণ ৰোধৰ বাবে প্ৰায় দুশ লোকক কোৱাৰেণ্টাইনৰ ৰখা হৈছে৷ দেশখনৰ স্বাস্থ্য মন্ত্ৰী মিতোহা অ’ল্ডঅ’ অ’য়াকাবাই জনোৱা মতে দেশখনত যোৱা সাত ফেব্ৰুৱাৰীত প্ৰথমবাৰলৈ এই মাৰাত্মক ৰোগৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল৷ জানিব পৰা মতে উক্ত দিনা এটা শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত ইয়াৰে একাংশ লোকে জ্বৰত আক্ৰান্ত হৈ মৃত্যুক সাবটি ল’বলগীয়া হৈছিল৷ ৰোগৰ লক্ষণ হিচাপে প্ৰথমাৱস্থাত তীব্ৰ জ্বৰ আৰু পাছত নাকেৰে তেজ ওলাই বুলি সদৰী কৰিছিল৷ তাৰ পাছতে উক্ত মৃত লোকসকলৰ তেজৰ নমুনা ছেনেগালৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে৷ পৰীক্ষাৰ প্ৰতিবেদনহে এই ৰহস্যময় ৰোগত সংক্ৰমণৰ প্ৰকৃত কাৰণ জানিব পৰা যাব৷ আনহাতে ৰাষ্ট্ৰসংঘৰ এটা স্বাস্থ্য বিশেষজ্ঞৰ দলে ইকুৱেটৰিয়েল গিনিলৈ প্ৰেৰণ কৰা হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ ইয়াৰ স্থানীয় প্ৰশাসনে লোকৰ সমাগম, দুখন গাঁৱৰ মাজত অহা-যোৱা কৰা সম্পূৰ্ণ বন্ধ কৰি দিছে৷ আনহতে দেশখনৰ সীমান্ত অঞ্চল সাময়িকভাৱ ছীল কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here